পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। প্ৰথমটো ঘটনা গুৱাহাটীৰ ধাৰাপুৰত, আনটো শ্ৰীভূমিৰ ৰাতাবাৰীত সংঘটিত হয়।

ধাৰাপুৰত আৰক্ষীৰ গুলীত আহত হয় নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলী। আজাৰালৈ লৈ যোৱাৰ পথত পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। আছিকৰ সোঁ ভৰিত গুলী লাগে আৰু বৰ্তমান তেওঁ GMCHত চিকিৎসাধীন।

ইফালে, দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় শ্ৰীভূমিৰ ৰাতাবাৰীত। ড্ৰাগছৰ সৈতে আটক হোৱা বাপন নমশুদ্ৰক লৈ তদন্তৰ বাবে যোৱাৰ সময়তে তেওঁ পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত বাপনৰ ভৰিত গুলী লাগে।

আহত বাপন নমশুদ্ৰক চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুয়োটা ঘটনাকে লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...