ৰাষ্ট্ৰীয় জিমনাষ্টিকছত অসমৰ তানিছিৰ স্বৰ্ণ জয়

চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ ৰাষ্ট্ৰীয় জিমনাষ্টিকছ প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তানিছি বচাকে । তেওঁ ১১ বছৰ অনূৰ্ধ্ব বেলেন্সিং বীম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি এই সাফল্য অৰ্জন কৰে ।

মহাৰাষ্ট্ৰৰ আহমেদনগৰত যোৱা ২ ৰ পৰা ৫ নবেম্বৰত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা । তেওঁৰ প্ৰশিক্ষক হ’ল প্ৰাক্তন জিমনাষ্টিকছ খেলুৱৈ অমৰ নাথ । গুৱাহাটী জালুকবাৰী নিবাসী পূৰবী বচাক আৰু প্ৰদীপ বচাকৰ কন্যা তানিছিয়ে আজাৰাৰ ছেইণ্ট জোছেফ ইংলিছ স্কুলত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে ।

তানিছি হ’ল গুৱাহাটী ভৰলুমুখৰ অমৰ জিমনাষ্টিকছ ক’চিং চেণ্টাৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী । উল্লেখ্য যে তানিছিয়ে প্ৰতিদ্বন্দ্বিতা কৰা শাখাত সমগ্ৰ দেশৰ ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...