ৰাষ্ট্ৰীয় জিমনাষ্টিকছত অসমৰ তানিছিৰ স্বৰ্ণ জয়

চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ ৰাষ্ট্ৰীয় জিমনাষ্টিকছ প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তানিছি বচাকে । তেওঁ ১১ বছৰ অনূৰ্ধ্ব বেলেন্সিং বীম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি এই সাফল্য অৰ্জন কৰে ।

মহাৰাষ্ট্ৰৰ আহমেদনগৰত যোৱা ২ ৰ পৰা ৫ নবেম্বৰত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা । তেওঁৰ প্ৰশিক্ষক হ’ল প্ৰাক্তন জিমনাষ্টিকছ খেলুৱৈ অমৰ নাথ । গুৱাহাটী জালুকবাৰী নিবাসী পূৰবী বচাক আৰু প্ৰদীপ বচাকৰ কন্যা তানিছিয়ে আজাৰাৰ ছেইণ্ট জোছেফ ইংলিছ স্কুলত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে ।

তানিছি হ’ল গুৱাহাটী ভৰলুমুখৰ অমৰ জিমনাষ্টিকছ ক’চিং চেণ্টাৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী । উল্লেখ্য যে তানিছিয়ে প্ৰতিদ্বন্দ্বিতা কৰা শাখাত সমগ্ৰ দেশৰ ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...