চৰকাৰী চাইকেল বিক্ৰী হৈছে ডেম্পত

চৰকাৰে বিশাল অনুষ্ঠান পাতি শিক্ষাৰ্থীক বিতৰণ কৰিলে বিনামূলীয়া চাইকেল। কিন্তু বিনামূলীয়া চাইকেল বিতৰণ আঁচনি কিমান নিকা হল। এতিয়া একাংশৰ মনত সেই প্ৰশ্ন উদয় হৈছে। কাৰণ তিতাবৰত সংঘটিত হল এটা আজৱ ঘটনা। শিক্ষাৰ্থীক বিতৰণ কৰিবলৈ অনা বিনামূলীয়া চাইকেল পানী দৰত ক্ৰয় কৰিলে ডেম্পৰ মালিকে।

চৰকাৰৰ গোলপীয়া চাইকেল বিক্ৰী হৈছি কেজি হিচাৰ
৫৭ কেজি ওজনৰ চাইকেৰ দাম ১,১০০ টকা
লোহা-টিঙৰ বেপাৰীৰ ঠেলাত মুখ্যমন্ত্ৰীৰ আঁচনিৰ চাইকেল

শিক্ষাৰ্থীৰ পৰা চাইকেলৰ নামত কোনোবাই এটকা ল’লেও যাব লাগিব জেললৈ। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰি এইদৰেই সকীয়াই দিছিল হিমন্ত বিশ্ব শৰ্মাই। ঠায়ে ঠায়ে দেখা গৈছিল ক্ষোভ। মামৰে ধৰা চাইকেল দিয়া বুলি উঠিছিল অভিযোগ। যি নহওক। দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে এখন চাইকেলো সকাহ। বিভিন্ন ঠাইত চৰকাৰে চাইকেল বিতৰণ কৰিলে। তাৰ কেইদিনমানৰ পাছতেই তিতাবৰত কি ঘটিল শুনক।

ডেম্পৰ বাবে ক্ৰয় কৰি আনিছিল চাইকেলত। চাইকেলত লাগি আছিল মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি ২০২৩-২৪ৰ লেবেল। নতুন চাইকেল। নতুন চাইকেলৰ সামগ্ৰী। এনেকৈয়ে নিয়া হ’ল ডেম্পলৈ। তাকেই দেখি সোধা-পোছা কৰিলে একাংশ স্থানীয় লোকে। চাইকেলৰ ছীট, লোহা, স্পোক পেকেটে পেকেট বিক্ৰী।

মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আনিছিল চাইকেল
দাম ১১২০ টকা
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ৰাইজৰ কৰ-কাতলৰ ধনেৰে চাইকেল ক্ৰয় কৰিছিল চৰকাৰে। সেই চাইকেল এতিয়া দুষ্ট চক্ৰই বিক্ৰী কৰিছে। এই ঘটনা এটা সৰু উদাহৰণ। চৰকাৰী চাইকেলক লৈ এইদৰে বহুঠাইত ঘটিছে আজৱ-অদ্ভুত ঘটনা। এনে ঘটনাৰ তদন্ত কৰিবলৈ দাবী।

যিসকলে এই কাম কৰিছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদানৰ দাবী। বিদ্যালয় কৰ্তৃপক্ষই নজনাকৈ এই কাম কেতিয়াও হব নোৱাৰে। বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহী কৰিবলৈ দাবী। ক্ষুব্ধ ৰাইজ।

চৰকাৰী চাইকেল
বিক্ৰী হৈছে ডেম্পত
ক’বনো কি!
চৰকাৰী চাইকেলৰ নামত কেলেংকাৰী সংঘটিত হ’ল নেকি। বহু প্ৰশ্ন আহিছে ৰাইজৰ মনলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...