১০ কেজি চিতলৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰীয়ে

ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী। প্ৰতিজন অসমীয়া সাজু হৈছে প্ৰাণৰ বিহু উদযাপনৰ বাবে। উৰুকাৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০ কেজি ওজনৰ প্ৰকাণ্ড চিতল।

বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিলো ওজনৰ চিতল মাছ উপহাৰ প্ৰদান কৰে। পুৱা এই উপহাৰ লাভ কৰি আপ্লুত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব-এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কভিডৰ মাজত সাৱধানতাৰে সকলোকে বিহু উদযাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...