কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ আক্ৰান্ত ক’ভিডত

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ ক’ভিডত আক্ৰান্ত। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ৯২ বছৰীয়া কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গায়িকাগৰাকীৰ বয়সলৈ লক্ষ্য ৰাখি চিকিৎসকে তেওঁক হাস্পতালৰ IUCত ভৰ্তি কৰায়। অৱশ্যে লতা মংগেশকাৰৰ দেহত ক’ভিডৰ সামান্য লক্ষণহে দেখা পোৱা গৈছে বুলি ভতিজা ৰাস্নাই সংবাদমাধ্যমক জানিবলৈ দিয়ে। ২০১৯ চনৰ নৱেম্বৰতো বুকুৰ বিষত আক্ৰান্ত হোৱা ভাৰতৰত্ন লতা মংগেশকাৰক চিকিৎসাধীন কৰোৱা হৈছিল। দেশজুৰি কোকিলকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...