বন্দুকৰে নহয় কৃষি বিপ্লৱেৰে স্বাৱলম্বী হৈছে প্ৰাক্তন NDFB কেডাৰ

কৃষি বিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন প্ৰাক্তন NDFB কেডাৰৰ। বন্দুকতকৈ কৃষি কৰ্মই শ্ৰেয় বুলি মন্তব্য প্ৰাক্তন NDFB কেডাৰৰ।

এসময়ত হাতত অস্ত্ৰ তুলি লৈ সন্ত্ৰাস সৃষ্টি কৰা প্ৰাক্তন এন ডি এফ বি কেডাৰ একাংশই কৃষি বিপ্লৱেৰে আৰম্ভ কৰিবলৈ লৈছে নতুন জীৱন ৷

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নতুন শ্ৰীপুৰত প্ৰায় পঞ্চাশ বিঘা কৃষিভূমি লিজত লৈ “উদাং আৰনাই চচাইটি” নামেৰে এটি সেচ্ছাসেৱী সংগঠনৰ জন্ম দি ২১ জনীয়া NDFB কেডাৰে সূচনা কৰিছে এক নতুন কৃষি বিপ্লৱৰ ৷

গৰুখুটিৰ কৃষি ফাৰ্মৰ আৰ্হিত এখন কৃষি ফাৰ্ম কৰাৰ পৰিকল্পনা এই সকল প্ৰাক্তন সহস্ত্ৰ বিপ্লৱী সংগঠনৰ কেডাৰৰ ৷ প্ৰায় পঞ্চাশ বিঘা কৃষি ভূমিত ৰোপন কৰা সৰিয়হ, আলু আৰু মটৰমাহ এটিয়া লহ-পহকৈ বাঢ়িবলৈ লৈছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...