চিজুছা অঞ্চলৰ সীমা সমস্যা সমাধানত গুৰুত্ব অসম-অৰুণাচল চৰকাৰৰ

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিজুছা অঞ্চল ভ্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বৰ আঞ্চলিক সমিতিৰ সদস্যসকলৰ সৈতে সীমা সমস্যা সমাধান সংক্ৰান্তীয় এখন বিশেষ বৈঠকত অংশ লয়। চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰীগৰাকীয়ে চিজুছা অঞ্চল ভ্ৰমণ কৰি অসম অৰুণাচল প্ৰদেশৰ সীমা সংক্ৰান্তীয় সমস্যাৰ বিষয়ে বুজ লয়।

উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ মাজত অৰুণাচল প্ৰদেশৰ নামচাইত অনুষ্ঠিত বৈঠকত সম্পাদিত চুক্তিৰ পৰৱৰ্তী সময়ত গঠন কৰি দিয়া কেইবাখনো আঞ্চলিক সমিতিয়ে সীমা অঞ্চল পৰিভ্ৰমণ কৰি ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়াস কৰি আহিছে।

মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত গঠন কৰি দিয়া আঞ্চলিক সমিতিখনেও অৰুণাচলৰ সমিতিখনৰ সৈতে বিগত সময়ত কেইবাবাৰো সীমান্ত অঞ্চল পৰিভ্ৰমণ আৰু বৈঠকত মিলিত হোৱাৰ পাছত অসমৰ বিশ্বনাথ জিলা (বৰ্তমানৰ শোণিতপুৰ) আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ মাজৰ বিবাদমান বালিচ’ , দিপিক, পাচ’, আৰু দিকালমুখত পৰস্পৰ বুজাবুজিৰে সীমা সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত প্ৰায় চুড়ান্ত পৰ্যায়ত উপনীত হৈছে।

সমিতি দুখনৰ মাজত শেহতীয়াকৈ গুৱাহাটীত হোৱা এখন বৈঠকত সীমাৰ কিছু সমস্যা থকা চিজুছা অঞ্চলৰ বিষয়ে উল্লেখ হোৱাত আজি দুয়োখন সমিতিয়ে উক্ত অঞ্চল পৰিভ্ৰমণ কৰি এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰ আগত কয় যে অঞ্চলটোৰ তিনিটাকৈ সৰু স্থানত বহুবছৰ ধৰি অৰুণাচল প্ৰদেশৰ চৰকাৰী আন্তগাঁথনি থকাৰ বিপৰীতে কাগজে পত্ৰই অসমৰ অধীন হৈ আছে। আজিৰ বৈঠকত এই স্থানকেইটা অৰুণাচল প্ৰদেশক প্ৰদান কৰি অৰুণাচল প্ৰদেশৰ সম পৰিমাণৰ মাটি আন স্থানত অসমৰ লগত চামিল কৰাৰ বিষয়ে সকলোৱে সহমতত উপনীত হয়।

এই বিষয়ে সমিতি দুখনে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীক প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই অঞ্চলত আচলতে কোনো ধৰণৰ বিবাদ নাই, মাথো পৰস্পৰ বুজাবুজিৰে সহজেই এই কাৰীকৰি সমস্যা সমাধান কৰিব পৰা যাব। আজিৰ বৈঠকত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ লগতে বিধায়ক বিয়ুৰাম ৱাঘে আৰু আন বিষয়াসকলো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...