লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনত ব’হাগী উৎসৱ মেলা উদ্বোধন

ৰঙালী বিহুৰ সন্ধিক্ষণত ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহু আৰু ব’হাগী উৎসৱক লৈ অনুষ্ঠিত হৈছে মেলা, প্ৰদৰ্শনী আদি। গুৱাহাটীৰ লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনত শুকুৰবাৰৰ পৰা ‘ঋতম্ভৰা’ গোষ্ঠীৰ উদ্যোগত আয়োজিত হৈছে ব’হাগী উৎসৱ মেলা।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী উদ্যোগী মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে| মেলাখনত বিহু সামগ্ৰীৰ লগতে অসমীয়া সাজ-পাৰ, গহণা, ঘৰুৱা ব্যৱহৃত সামগ্ৰী আদি সুলভ মূল্যত উপলদ্ধ হৈছে। তৃতীয় বৰ্ষৰ বাবে আয়োজিত এই ব’হাগী উৎসৱ মেলা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী, NKTVৰ কনছালণ্টিং এডিটৰ প্ৰণয় বৰদলৈ আৰু উদ্যোগী মহিলা মামণি দাসে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথিসকলে মেলাখনৰ আয়োজক বুবি বৰদলৈ তালুকদাৰে গৃহিনীসকলক আগুৱাই অনাৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয়। অহা দেওবাৰে এই মেলাখনৰ সামৰণি পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...