জনসাধাৰণৰ সহায়ৰ বাবে ক্ষমতা ব্যৱহাৰ কৰিবলৈ নৱনিযুক্তিপ্রাপ্ত আৰক্ষী সকলক আহ্বান মুখ্যমন্ত্ৰীৰ

0 31

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ লোকসকলৰ নিৰৱচ্ছিন্ন অৱদানৰ বাবেই অসম শান্তিৰ পথত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীক শেহতীয়া প্ৰযুক্তিৰে সবলীকৰণৰ প্ৰতিশ্ৰুতি আজি পুনৰবাৰ দোহাৰে।

আজি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত ১৭১৫ জন অ-শস্ত্ৰ আৰু নিযুক্তিপ্রাপ্ত কনিষ্টবলৰ ১৭৮ নং বেটচৰ পাছিং আউট পেৰেড উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰক্ষী বাহিনীৰ চৰম ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে, নিৰাপত্তা বাহিনীসমূহে লোৱা ভূমিকাৰ বাবে ৰাজ্যখন শান্তি আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হৈছে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অসম আৰক্ষীক খালি পদবিহীন বাহিনী হিচাপে গঢ়ি তোলাৰ লগতে শেহতীয়া প্ৰযুক্তিৰে সজ্জিত কৰি আৰক্ষী বাহিনীক আধুনিক যুগৰ অপৰাধৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ কাম কৰি আছে। নৱনিযুক্তিপ্রাপ্ত সকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সফল কনিষ্টবলসকলক অভিনন্দন জনাই সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীক সহায়ৰ বাবে তেওঁলোকৰ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ কয়। তেওঁ অৱশ্যে তেওঁলোকক অসামাজিক কাম-কাজৰ ওপৰত কঠোৰ হ’বলৈ আৰু সমাজত অপৰাধ আৰু ইয়াৰ বহিপ্রকাশ নাইকীয়া কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলো প্ৰত্যাহ্বানৰ মাজতো পেছাদাৰিত্ব আৰু সহযোগিতাৰ মনোভাৱ বজাই ৰাখিবলৈ কয়।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পাছিং আউট অনুষ্ঠান আৰু আৰক্ষীৰ পোছাক সততা আৰু সাহসৰ প্ৰতীক আৰু তেওঁলোকে নিজ দায়িত্বৰ প্ৰতি সততা প্ৰদৰ্শন কৰা উচিত। তেওঁ লগতে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত থকা ব্যৱধান হ্ৰাস কৰাৰ ক্ষেত্ৰত কাম কৰাৰ লগতে মানৱীয় দৃষ্টিভংগী বঢ়াই তোলাৰ বাবে প্ৰচেষ্টা গ্রহণ কৰিবলৈ আৰক্ষীৰ লোকসকলক কয়। তেওঁ লগতে কয় যে আৰক্ষী জোৱান হিচাপে তেওঁলোকৰ আচৰণে ৰাইজৰ মনত আৰক্ষী বাহিনীৰ প্ৰতি আস্থা সৃষ্টি কৰা উচিত। তদুপৰি, সন্ত্ৰাসবাদ, ড্ৰাগছ, মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলৈও তেওঁলোকে সহায়ৰ হাত আগবঢ়োৱা উচিত।

মুখ্যমন্ত্রীয়ে কনিষ্টবলসকলক কোনো ধৰণৰ মাদক দ্রব্য ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আৰু কঠোৰ শাৰীৰিক অনুশীলন আৰু খাদ্যাভাষৰ দ্বাৰা শাৰীৰিক সামৰ্থতা বৰ্তাই ৰাখিবলৈ কয়।

Leave A Reply

Your email address will not be published.