গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ উদ্যোগত তথা বেডমিণ্টন এছ’ছিয়েছন অব ইণ্ডিয়া [বাই]ৰ সহযোগত অসম বেডমিণ্টন সন্থাই এই প্ৰতিযোগিতা আয়োজন কৰিছে৷

উল্লেখ্য যে দেশৰ মহিলা খেলুৱৈৰ উত্তৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগে গ্ৰহণ কৰা এক অভিলাসী আচনি অনুসৰি ইতিমধ্যে কেবাবিধো অলিম্পিক খেলৰ প্ৰাইজমানি অস্মিতা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ছাই আৰু বাইৰ যৌথ উদ্যোগত দেশৰ তিনিখন চহৰত বেডমিণ্টনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ চত্তিছগড়ৰ ৰায়পুৰ আৰু ঝাৰখণ্ডৰ জামছেদপুৰত ইতিমধ্যে সুকলমে অস্মিতা বেডমিণ্টন অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰাইজমানি প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে৷

মহিলাৰ তিনিটা বয়স বিভাগত কেবল একক শাখাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷ সেই অনুসৰি আজি প্ৰথমদিনাৰ পৰাই ১৭ আৰু ১৯ বছৰ অনূধ্বৰ্ ছোৱালী আৰু ছিনিয়ৰ মহিলা শাখাৰ লীগ খেলসমুহ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত ১৭ বছৰ অনূধ্বৰ্ত ১৮ গৰাকী, ১৯ বছৰ অনূধ্বৰ্ত ২০ গৰাকী আৰু ছিনিয়ৰ শাখাত ২৭ গৰাকী শ্বাটলাৰে অংশ লৈছে৷ লীগ খেলৰ অন্তত নকআউট মেচ কোৱাৰ্টাৰ, ছেমিফাইনেল আৰু খিতাপৰ চুড়ান্ত খেল অহা ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷

আজি পুৱা বন্তী প্ৰজ্বলনৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসম চৰকাৰৰ উপ ক্ৰীড়া সচিব মহৰ্ষি কাশ্যপে৷ মুকলি অনুষ্ঠানত ছাইৰ এইছ পি এম [বেডমিণ্টন] তুষাৰ কন্দিলাল, অসম বেডমিণ্টন সন্থাৰ জ্যেষ্ঠ উপসভাপতি এল হেমন্ত সিং, সম্পাদক ওমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্তসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ মুঠ প্ৰাইজমানি নব্বৈ হেজাৰ টকা৷ তিনিওটা শাখাৰ চেম্পিয়নে দহ হেজাৰকৈ, ৰূপৰ পদক জয়ী শ্বাটলাৰে আঠ হেজাৰকৈ তথা ব্ৰঞ্জ পদক লাভ কৰা উভয় খেলুৱৈয়ে ছয় হেজাৰ টকা প্ৰাইজমানিৰূপে লাভ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...