বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ ত্ৰিবেণী সংগমলৈ গৈছে দেশৰ ভিন্ন প্ৰান্তৰ লোক। মহাকুম্ভমেলাৰ এই সময়চোৱাত সংঘটিত হৈছে কেইবাটাও শোকাৱহ ঘটনা। এইবোৰৰ মাজতে পোহৰলৈ আহিছে চাঞ্চল্যৰ সৃষ্টি কৰা আন এক ঘটনা। মাতৃক বন্ধ কোঠাত সোমোৱাই থৈ মহাকুম্ভত পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ।

এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। য’ত বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই থৈ শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ। ওচৰ চুবুৰীয়াই কোনো খবৰেই নাপালে বৃদ্ধাগৰাকী ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ কথা। ঘটনাৰ ৩দিন পিছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। লগে লগে গে’টৰ তলা ভাঙি প্ৰতিবেশীসকলে উদ্ধাৰ কৰে মহিলাগৰাকীক। ভোকে, পিয়াহে বন্ধ ঘৰত আবদ্ধ হৈ থকা মহিলাগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় হাস্পতালত।

বাৰে বাৰে কিয় এনে ঘটনা? কোনখন সমাজত জীয়াই আছো আমি? নোহোৱা হৈছে নেকি মানৱীয়তা? আধুনিকতাৰ ধামখুমীয়াত কংক্ৰিটৰ হৈ পৰিছে মানুহৰ মনবোৰ? ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত হোৱা এই ঘটনাই সম্প্ৰতি উত্থাপন কৰিছে বহু প্ৰশ্নৰ। এই ঘটনাই যেন নীৰৱে বুজাই গ’ল আকৌ এবাৰ — ‘মানুহবোৰ মানুহ হৈ থকা নাই’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...