ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত শুক্ৰবাৰে এখন বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত পানীটোলা শিক্ষা খণ্ডই ডায়েট ডিব্ৰুগড়ক চাৰি উইকেটত পৰাজিত কৰে। টছত জয়লাভ কৰি প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লৈ ডায়েট ডিব্ৰুগড়ে নিৰ্ধাৰিত ১০ অ’ভাৰত ৪ টা উইকেটৰ বিনিময়ত ১১১ ৰাণ সংগ্রহ কৰে। উচ্চ বৰ্গৰ সহায়ক প্ৰাঞ্জল গগৈয়ে সৰ্বাধিক ৪২ ৰাণ আৰু প্ৰবক্তা স্বৰাজ ফুকনে ২০ ৰাণ সংগ্ৰহ কৰে। পানীটোলা শিক্ষা খণ্ডই লক্ষ্য অনুসৰণ কৰি ৭.৫ অ’ভাৰত ৬ টা উইকেটৰ বিমিময়ত নিৰ্ধাৰিত ৰাণখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পানীটোলা শিক্ষা খণ্ডৰ হৈ অংকুৰ দত্তই ৫২ ৰাণ আৰু নয়ন তামুলীয়ে ৩০ ৰাণ সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

খেলখনৰ পূৰ্বে উভয় দলৰ খেলৱৈসকলক জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য আৰু মুখ্য সহায়ক হেমচন্দ্ৰ হাজৰিকাৰ সৈতে চিনাকি কৰি দিয়া হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...