এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল ফাগুনৰ বৰষুণজাক। শুকুৰবাৰৰ সন্ধিয়াৰ পৰাই গোমা হৈ পৰিল গুৱাহাটীৰ আকাশ। লাহে লাহে বৈ আছিল ফাগুণৰ পছোৱা বতাহ। ইয়াৰ সমান্তৰালভাৱে মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল পুনৰবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটত ভাগি পৰিল দলং; নিহত ৯, আহত ১০

পুনৰ দলং ভাঙি পৰিল গুজৰাটত। বুধবাৰে পুৱা বডোদৰাৰ মহিসাগৰ...

২৫ বছৰৰ মূৰত গ্ৰেপ্তাৰ হ’ল মণিকা! চৰকাৰক প্ৰতাৰণা কৰি ১৯৯৯চনত দেশ এৰি গৈছিল মণিকা

২৫ বছৰ! কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰৱঞ্চনা আৰু ব্যৱসায়িক কেলেংকাৰীৰ...

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...