দাম বাঢ়িল সুৰাৰ, কিমান শতাংশ বৃদ্ধি কৰিলে সুৰাৰ দৰ? কোনবিধ সুৰাৰ কিমান দাম?

দাম বাঢ়িল সুৰাৰ। শুকুৰবাৰৰ পৰা বৰ্ধিত দামত সুৰা বিক্ৰী কৰিছে সুৰাৰ বিপণীসমূহে। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি।

অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।

পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে।

বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটতো আবকাৰী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম।

পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...