কেৱল লাই-লফা, পালেং বিক্ৰী কৰিয়েই লক্ষাধিক টকা উপাৰ্জন অৰুণ ভূঞাৰ

ধেমাজিৰ গাই নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কৰ্মৰে আদৰ্শৰ পথ দেখুৱাইছে অৰুণ ভূঞাই। কেৱল লাই পাত বিক্ৰী কৰি আঢ়ৈ লাখ টকা লাভ কৰিছে ধেমাজিৰ গাই নৈৰ পাৰৰ খেতিয়ক অৰুণ ভূঞাই৷ বন্ধাকবি, ফুলকবি, বেঙেনা, জাতি লাওঁ, ৰঙালাও,লাই-লফা পালেং বিক্ৰী কৰি বছৰি আঠ লক্ষাধিক টকা উপাৰ্জন কৰি আৰ্থিকভাৱে টনকিয়াল ধেমাজিৰ সাপেখাতিৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক অৰুণ ভূঞা৷

পত্নী, ভগ্নী আৰু ভাতৃৰ সৈতে গাই নৈৰ পাৰত ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হোৱা অৰুণ ভূঞাই বাৰ বিঘা মাটিত সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ৷ কৃষি কৰ্মৰে প্ৰকৃতাৰ্থত স্বাৱলম্বী এইগৰাকী কৃষকৰ কৃষিকাৰ্যৰ প্ৰতি নিস্পৃহ ধেমাজিৰ কৃষি বিভাগ৷ কৰ্মসস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ধাপলি মেলা সকলক কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ আহ্বান খেতিয়ক অৰুণ ভূঞাৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...