পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী, জব্দ ৩.৫০ কোটিৰ ড্ৰাগছ

ৰাজ্যত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। কামৰূপ আৰক্ষীৰ সফল অভিযান। নিশা কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত অভিযান চলাই জব্দ কৰিলে কোটি টকাৰ হেৰইন। এখন বলেৰো গাড়ীত অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। ৬৪৪ গ্ৰাম ওজনৰ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি ৫০ লাখ টকা। মিজোৰামৰ পৰা শিলচৰ হৈ গুৱাহাটীলৈ আনিছিল। আটকাধীন বিদ্যুৎ দেৱ নামৰ লোকজনৰ বিৰুদ্ধে ইতিপূৰ্বে বহুকেইটা গোচৰ আছিল। আৰক্ষীৰ মাৰণস্ত্ৰ কাঢ়ি পলাবলৈ লোৱাৰ সময়তে গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত গুলীবিদ্ধ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...