পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী, জব্দ ৩.৫০ কোটিৰ ড্ৰাগছ

ৰাজ্যত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। কামৰূপ আৰক্ষীৰ সফল অভিযান। নিশা কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত অভিযান চলাই জব্দ কৰিলে কোটি টকাৰ হেৰইন। এখন বলেৰো গাড়ীত অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। ৬৪৪ গ্ৰাম ওজনৰ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি ৫০ লাখ টকা। মিজোৰামৰ পৰা শিলচৰ হৈ গুৱাহাটীলৈ আনিছিল। আটকাধীন বিদ্যুৎ দেৱ নামৰ লোকজনৰ বিৰুদ্ধে ইতিপূৰ্বে বহুকেইটা গোচৰ আছিল। আৰক্ষীৰ মাৰণস্ত্ৰ কাঢ়ি পলাবলৈ লোৱাৰ সময়তে গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত গুলীবিদ্ধ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...