আপোনাৰ মোবাইলত শুনা নাযাব ক’ভিডৰ কলাৰ টিউন

এতিয়াৰে পৰা COVID19ৰ কলাৰ টিউন শুনা নাযাব। শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে COVID19ৰ কলাৰ টিউন বন্ধ কৰিব। কভিডৰ সময়ত সাধাৰণ নাগৰিকক সজাগতা অনাৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। মোবাইলত প্ৰতি মুহূৰ্ততে সজাগ কৰা হৈছে গ্ৰাহকক। ক’ভিড পৰিস্থিতি যাতে অৱনতি নঘটে আৰু স্থানীয় ভাষাত সহজে যাতে সকলোৱে বুজিব পাৰে তাৰ বাবে প্ৰতি মুহূৰ্ততে সজাগ হোৱাৰ বাবে এই কলাৰ টিউন ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো মোবাইল কোম্পানীয়ে কোনো লোকক ফোন কৰাৰ সময়ত গ্ৰাহকৰ কাণত পৰাকৈ COVID19 কলাৰ টিউন ব্যৱহাৰ কৰিছিল। প্ৰথমতে বিশেষ কণ্ঠত আৰু পিছলৈ জনপ্ৰিয় তাৰকাৰ কণ্ঠত শুনা গৈছিল এই কলাৰ টিউন। দুবছৰৰো অধিক সময় কভিডে ভয়ংকৰ ৰূপ লোৱাৰ পিছত বৰ্তমান স্বাভাৱিক হৈছে পৰিস্থিতি। পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ! অখিল গগৈৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছিন্ন কংগ্ৰেছৰ

অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক মিত্ৰতা...

ভয়ংকৰ জলবায়ু সংকট! ভাৰতৰ কোটি কোটি লোকলৈ ‘তাৎক্ষণিক বিপদ’ৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ পৰিণতিৰ সন্দৰ্ভত নতুনকৈ সতৰ্কবাণী জাৰি...

MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ...

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...