অসমত আফগানিস্তান ফুটবল দলৰ অথন্তৰ

বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে গুৱাহাটীলৈ আহি প্ৰথম দিনাই অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ল আফগানিস্তান ফুটবল দল। পল্টনবজাৰৰ ছাই চেণ্টাৰত শনিবাৰে সন্ধিয়া অনুশীলন কৰিবলৈ গৈ বিদ্যুতৰ অভাৱত আন্ধাৰত কটালে ফুটবল দলটোৱে। অসম ফুটবল সন্থা আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে সৰৱ অসমৰ ফুটবলপ্ৰেমী।

অসমত আফগানিস্তান ফুটবল দলৰ অথন্তৰ
অনাহুত পৰিস্থিতিৰ সন্মুখীন আফগানী ফুটবলাৰ
অনুশীলনথলীত আন্ধাৰত থাকিল আফগানী ফুটবলাৰ
অসম ফুটবল সন্থাৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীনতাৰ অভিযোগ
চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ
ৰাজ্যৰ ফুটবল অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়া

গুৱাহাটীৰ পল্টনবজাৰৰ ছাই চেণ্টাৰৰ শনিবাৰৰ দৃশ্য এয়া। ভাৰতৰ বিৰুদ্ধে হ’বলগা বিশ্বকাপ আৰু AFC কাপৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে অহা আফগানিস্তান দলটোৱে অনুশীলনৰ বাবে শনিবাৰে উপস্থিত হয় ছাই কেন্দ্ৰত।

সন্ধিয়া ছাই কেন্দ্ৰত অস্বস্তিত পৰিল আফগানী ফুটবলাৰ
প্ৰায় ১৫ মিনিট ধৰি আন্ধাৰত থাকিল আফগানী ফুটবলাৰ
অনুশীলনৰ পূৰ্বেই হঠাৎ বিজুতি ঘটিল খেলপথাৰৰ ফ্লাড লাইটৰ

মহৰ কামোৰণি আৰু অন্ধকাৰৰ মাজতে সময় কটালে খেলুৱৈসকলে। অৱশ্যে বিভাগীয় তৎপৰতাত পুনৰ ফ্লাড লাইট জ্বলি উঠাত আৰম্ভ হ’ল অনুশীলন। প্ৰশ্ন উঠিছে– এনেকৈয়ে ফুটবলৰ বিশ্বযাত্ৰা আৰম্ভ কৰিব খুজিছে নেকি অসমে?

আন্তঃৰাষ্ট্ৰীয় মানৰ এখন ফুটবল মেচৰ বাবে সাজু নাছিল নেকি কৰ্তৃপক্ষ?
বিদেশী ফুটবল দলটোৰ আগত একপ্ৰকাৰ লজ্জানত হ’ল অসম

এই ঘটনাক লৈ এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ প্ৰাক্তন ফুটবলাৰ তথা ফুটবল প্ৰশিক্ষকে।
কেৱল সিমানেই নহয়, ৰেডিশ্যন ব্লু হোটেলৰ পৰা পল্টনবজাৰৰ ছাই চেণ্টাৰলৈ আহোঁতে তীব্ৰ যান-জঁটৰ বাবেও আধাঘণ্টা পলমকৈ উপস্থিত হ’ল ফুটবল দলটো। উল্লেখ্য যে, মঙলবাৰে সমুখসমৰত নামিব ভাৰত আৰু আফগানিস্তান। সৰুসজাইত অনুষ্ঠিত হ’ব বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচখন।

NKTV Digital
Author: NKTV Digital

9 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...