আচুৰ্য বৰপাত্ৰক একাংশই কৰিলে অপমান

আপোনাৰ আমন্ত্ৰণত এজন শিল্পীয়ে বহু মূল্যবান বাদ্যযন্ত্ৰৰ সহিতে যায় অনুষ্ঠান কৰিবলৈ। বিচাৰে আপোনাৰ মৰম, আশীৰ্বাদ। কিন্তু কিছু পৰিমাণে কথাৰ অমিল হ’লেই শিল্পীগৰাকীক বা সংগতকাৰীসকলক অপমান কৰাটো কস্মিনকালেও গ্ৰহণযোগ্য নহয়। এনে ঘটনাই বদনামী কৰে আপোনাৰেই আপোন ঠাইখনক। ডিব্ৰুগড়ৰ হাতীমুৰাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত সংঘটিত হল অঘটন। আচুৰ্য বৰপাত্ৰক একাংশই কৰিলে অপমান। ভাবুকি দিলে বাদ্য–যন্ত্ৰ ভাঙি দিয়াৰো।
………………………………………
পুনৰ বিহু মঞ্চত কণ্ঠশিল্পীক অপমান
গীত পৰিৱেশন নকৰিলে বাদ্য–যন্ত্ৰ ভাঙি দিয়াৰো ভাবুকি

ৰাজ্যৰ বিহু মঞ্চসমূহত গীত গাই দৰ্শকৰ মাজলৈ যোৱা শিল্পীসকলে এতিয়া নিজৰ সুৰক্ষাৰ কথা যেন আকৌ এবাৰ চিন্তা কৰিবলগীয়া হৈছে। আমন্ত্ৰণ কৰি অনা শিল্পীক উদযাপন সমতিৰ একাংশ সুৰাসক্ত লোকেই যদি উদ্ভণ্ডালিৰে ভয় ভাবুকি দিয়ে, তেন্তে শিল্পীৰ নিৰাপত্তা কত? ওপজা মাটিতেই যদি অসমীয়া শিল্পীক সুৰক্ষিত অনুভৱ নকৰাই তেন্তে বাহিৰৰ পৰা আমন্ত্ৰিত অতিথি শিল্পীৰ বেলিকা এওঁলোকে কৰিব কি? ঘটনা ডিব্ৰুগড়ৰ হাতীমুৰাৰ। হাতীমুৰাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত সংঘটিত হল অঘটন। ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰি আছিল আচুৰ্য বৰপাত্ৰই।
অনুষ্ঠান সামৰিবলৈ লওঁতেই ঘটিল অথন্তৰ!
গীত গাবলৈ বাধ্য কৰালে উদযাপন সমিতিৰ একাংশই
সুৰাৰ নিচাত ভিন্নজনে শিল্পীগৰাকীক কৰিলে অপমান

আনকি গীত পৰিৱেশন নকৰিলে বাদ্য–যন্ত্ৰ ভাঙি দিয়াৰো ভাবুকি দিলে সুৰাৰ ৰাগীত থকা একাংশই। মঞ্চতে দুখ প্ৰকাশ কৰিলে আচুৰ্য বৰপাত্ৰই।

জানিব পৰা মতে বিহুমঞ্চত উদ্ভণ্ডালি কৰা একাংশই আছিল বিজেপিৰ নেতা–পালিনেতা। ডিব্ৰুগড়ৰ বিজেপিৰ উপ সভাপতি অসীম হাজৰিকা, বিজেপি ST মৰ্চাৰ ৰাজ্যিক বিষববীয়া ৰাতুল দেৱ সোণোৱালকে আদি কৰি বহুকেইজন নেতা আছিল মঞ্চত। আন বহুকেইজন বিজেপি নেতাইও মঞ্চত উদ্ভণ্ডালি কৰাৰো অভিযোগ। অৱশ্যে উদভণ্ডালি কৰা লোকসকলৰ হৈ আজি উদযাপন সমিতিৰ লোকে এন কে টিভিৰ জড়িয়েতে ক্ষমা খুজিলে শিল্পীগৰাকীক।

এয়া এক ক্ষন্তেকীয়া ঘটনা। কিন্তু আপোনাৰ আমন্ত্ৰণত এজন শিল্পীয়ে বহু মূল্যবান বাদ্যযন্ত্ৰৰ সহিতে যায় অনুষ্ঠান কৰিবলৈ। বিচাৰে আপোনাৰ মৰম, আশীৰ্বাদ। কিন্তু কিছু পৰিমাণে কথাৰ অমিল হলেই শিল্পীগৰাকীক বা সংগতকাৰীসকলক অপমান কৰাটো কস্মিনকালেও গ্ৰহণযোগ্য নহয়। এনে ঘটনাই বদনামী কৰে আপোনাৰেই আপোন ঠাইখনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...