শহুৰৰ গৃহ জিলাত জোঁৱাই জুবিন

অৰঙে দৰঙে গীত গাই গাই মঙলবাৰে শহুৰৰ গৃহ জিলা গোলাঘাটত উপস্থিত হ’লগৈ জোঁৱাই জুবিন। জনসমুদ্ৰৰ মাজত জুবিনে গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে ঘটিল ইটো সিটো বহু ঘটনা। কোনো দৰ্শক যদি খুটাত উঠিল, কোনোৱে নাছিলে হেলমেট নৃত্য। তাৰ মাজে মাজে জুবিনৰ ধেমেলীয়া কথাৰেও মুহিলে দৰ্শকক।
…………………………………………………
শহুৰৰ গৃহ জিলাত জোঁৱাই জুবিন
গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানৰ ইটো-সিটো বহুতো!
খুটাত উঠিল দৰ্শক, বান্দৰ নে মানুহ ধৰিবই নোৱাৰি
বোকা নহয়, এইবাৰ হেলমেট নৃত্য
ভাঙিল চকী, বেৰিকেট ইত্যাদি

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গালে জুবিন গাৰ্গে। চাৰিওফালে জনসমুদ্ৰ। কেৱল মানুহ আৰু মানুহ। বেৰিকেড ভাঙো ভাঙো অৱস্থা জুবিন অনুৰাগীৰ। যুৱতীসকলেও পাৰ হৈ আহিল বেৰিকেট। মুঠৰ ওপৰত- জুবিন ক্ৰেজ। ইফালে জুবিনেও প্ৰতিসম্ভাষণ জনালে সকলোকে। পত্নী গৰিমা শইকীয়া গাৰ্গৰ গৃহ জিলা। এক ঘৰুৱা দায়িত্বও আছে শিল্পীজনৰ। সেয়ে ঘৰুৱা গোলাঘটীয়াসকললৈ প্ৰথমেই জুবিনৰ ধেমলীয়া আহ্বান।
‘আজিকালি মই নিজে নাগাওঁ, আপোনালোকে গাব লাগিব’
গোলাঘাটত এটা নতুন গান মুকলি কৰিলে জুবিনে। গীতৰ কথা পত্নী তথা গোলাঘাটৰ জীয়ৰী গৰিমা শ‌ইকীয়া গাৰ্গৰ। সুৰ আৰু কণ্ঠ জুবিনৰ। গীতৰ শীৰ্ষ- বিহগী কবিতা ৰাতি।
গীতৰ মাজে মাজে জুবিনে আকৌ কৰিলে ধেমালি-
‘মোক চবেই ঠগে! পেণ্ট কিনিবলৈ যাওঁ ২৮, দি দিয়ে ৩০’
‘এতিয়া বেল্ট মাৰি আছোঁ’

গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানত দেখিবলৈ পোৱা গল আন এক দৃশ্য। এইবাৰ বোকানৃত্য নহয়। হেলমেট নৃত্য। হেলমেট পৰিধান কৰি জুবিনৰ গানত ৰঙীন হৈ নাছিলে দৰ্শকে। তাৰ মাজতে সৌটো খুটাত কি? ইফালৰ পৰা সিফালে বগাই সেইটো মানুহ নে বান্দৰ। আকৌ এবাৰ- জুবিন ক্ৰেজ। ভাঙিল চকী। লাগিল হৈ চৈ। শৃংখলাৰ বাবে লগাই থোৱা বেৰিকেড এই ভাঙো ভাঙো।

এই কণমানিজনী জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ আহিছিল আইতাকৰ সৈতে। কিন্তু জুবিনক চাওতে চাওতে হেৰাই থাকিল আইতাক। কান্দি কান্দি দিশহাৰা হ’ল কণমানিগৰাকী। অৱশেষত বিহু কমিটীৰ এইকেইজন লোক, আৰক্ষী আৰু সাংবাদিকৰ তৎপৰতাত বিচাৰি উলিওৱা হ’ল কণমানি গৰাকীৰ আইতাকক। এনেকৈয়ে শহুৰৰ ঘৰৰ বিহুতলীত জোৱাই জুবিনে আকৌ এবাৰ তুলিলে সুৰৰ মূৰ্চ্ছনা। সুৰৰ মায়াজালত বন্দী হ’ল হাজাৰ-হাজাৰ জনতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...