বিহু মঞ্চত অব্যাহত আছে জুবিন জ্বৰ

বিহু মঞ্চত অব্যাহত আছে জুবিন জ্বৰ। কেতিয়াবা যদি কালজয়ী গীতেৰে মুহিছে জনতাক, কেতিয়াবা খুহুটীয়া কথাৰে মঞ্চতে কৰিছে ৰগৰ। কোনো অপ্ৰত্যাশিত ঘটনা নাই, ঋণাত্মক গুজৱ নাই, নাইহোৱা অনাকাংক্ষিত পৰিস্থিতিৰো উদ্ভৱ।
আপোনাৰ ভাল লগা ছোৱালীজনীক কেনেকৈ আগবঢ়াব প্ৰস্তাৱ?
নগাঁৱত দিহা দিলে জুবিন গাৰ্গে

বিহুমঞ্চত ইতিমধ্যে আকৌ এবাৰ একাধিক ক্লাছিকেৰে সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে অসমীয়াৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গে। ঠায়ে ঠায়ে কৈছে খুহুটীয়া কথা। ৰাইজেও উঠাইছে হাত চাপৰিৰ উজান। এইবাৰ নগাঁৱত জুবিনৰ ধেমালি। ডিমৰুগুড়িৰ কলংপৰীয়া ৰঙালী বিহুৰ মঞ্চত জুবিনে ধেমেলিয়া কথাৰে দিহা দিলে, কিদৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব আপোনাৰ প্ৰিয় নাৰীগৰাকীক।

চিত্ৰশিল্পক লৈও বহু কথা ক’লে জুবিনে

‘মই ছবি আঁকিবলৈ বহু চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ’

এই দীঘলীয়া সাংগীতিক যাত্ৰাত জুবিন গাৰ্গে ইমানেই ছবি উপহাৰ পাইছে যে সেইসমূহ সযতনে ৰাখিবলৈ মিউজিয়াম নিৰ্মাণ কৰাৰ চিন্তা কৰি থকাৰ কথাও কলে জুবিন গাৰ্গে।

লগতে অনুষ্ঠানত তেওঁক ছবি আঁকি উপহাৰ দিলে বহুজনে। এজন বিশেষভাৱে সক্ষম যুৱকেও জুবিনক দিলে উপহাৰ। উপহাৰ দিবলৈ গৈ সাষ্টাংগে প্ৰণিপাতো জনালে প্ৰিয় শিল্পীজনক। ইয়াৰে এজনৰ ছবিক বিশেষভাৱে প্ৰশংসাও কৰিলে জুবিন গাৰ্গে।

এনেকৈয়ে মঞ্চত অব্যাহত আছে জুবিনৰ ইটো সিটো বহুতো। কেতিয়াবা যদি কালজয়ী গীতেৰে মুহিছে জনতাক, কেতিয়াবা খুহুটীয়া কথাৰে মঞ্চতে কৰিছে ৰগৰ। ৰাইজে নিবিচৰা কোনো অথন্তৰ ঘটোৱা নাই এইবাৰ খেয়ালী জুবিনে। আকৌ এবাৰ ইউকেলিপ্টাছ গছৰ দৰে ওখ হৈ ধৰা দিছে জুবিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...