পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰীয় দাবী

পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ দাবী ৰাষ্ট্ৰীয় দাবী। এয়া দেশৰ প্ৰতিটো প্ৰান্তৰ শিক্ষক-কৰ্মচাৰীৰেই নহয় বৰং সাধাৰণ নাগৰিকৰো একক দাবী। যদিহে ৰাষ্ট্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমুহে ডিচেম্বৰ ২০২৩ ভিতৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ হকে সিদ্ধান্ত গ্ৰহণ নকৰিলে ২০২৪ বৰ্ষত হ’বলগীয়া লোকসভা নিৰ্বাচনত শিক্ষক-কৰ্মচাৰী সকলেই নহয় বৰং সাধাৰণ নাগৰিক সকলে নিজৰ সিদ্ধান্ত বেলটৰ যোগেদি প্ৰদান কৰিব। National Old Pension Restoration United Front (NOPRUF)ৰ দ্বাৰা আয়োজিত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই নিজৰ ভাষণত এনেদৰে প্ৰকাশ কৰে।

দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ সহযোগত আজি নতুন দিল্লীৰ জন্তৰ মন্তৰত সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসমৰ পৰা শতাধিক প্ৰতিনিধিৰ উপৰিও জম্মু, কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, চত্তিশগড়, ঝাৰখন্ড, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আদি ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ কৰি কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰাৰ বাবে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...