গুৱাহাটীৰ ৰাজভৱনত প্ৰদৰ্শিত হ’ল প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে গুলাব চান্দ কাটাৰিয়া

তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত বিশেষ স্ক্ৰীণত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহিলী ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ আজি শততম খণ্ড সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ ৰাজভৱনত “মন কী বাত”ৰ শততম খণ্ডৰ প্ৰদৰ্শন কৰা হয় য’ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে এই বিশেষ স্ক্ৰীণিং প্ৰত্যক্ষ কৰে। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। কাটাৰিয়াই তেওঁৰ ভাষণত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে আৰু ই নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনৰ ব্যাপ্তি সলনি কৰাত এক ভূমিকা পালন কৰিছে ৷ লগতে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্ৰতিফলিত কৰিছে, তেওঁ এইদৰে কয়।

ৰাজ্যপালগৰাকীয়ে কয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ দূৰৱৰ্তী অঞ্চলত থকা লোকসকলৰ কাষ চাপিবলৈ ৰেডিঅ’ক যোগাযোগৰ মাধ্যম হিচাপে বাছনি কৰিছে। মন কী বাত ৰেডিঅ’ৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা হৈ পৰিছে। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱপ্ৰজন্মৰ সৈতে এক অনন্য সম্পৰ্ক স্থাপন কৰিছে আৰু তেওঁৰ মন কী বাতৰ জৰিয়তে যুৱচামক উৎসাহিত কৰিছে।

ভাষণ প্ৰসংগত কাটাৰিয়াই কয় যে মন কী বাতে স্বচ্ছ ভাৰত অভিযান, ক’ভিড টীকাকৰণ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ দৰে সামাজিক আন্দোলনত সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত কৰি তথা তেওঁলোকক অনুপ্ৰেৰিত কৰি গণ আন্দোলনৰ এক কাৰ্যকৰী সঁজুলি হিচাপে আত্মপ্ৰকাশ কৰিছে।

আজি ৰাজভৱনত অনুষ্ঠিত এই বিশেষ স্ক্ৰীণিঙত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, অসমৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব অঞ্চলৰ সঞ্চালক প্ৰধান বি নাৰায়ণন, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ, অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...