কাৰখানাৰ পৰা গেছ নিৰ্গত হৈ মৃত্যু ১১জন লোকৰ

পঞ্জাবৰ লুধিয়ানাত বিষাক্ত গেছৰ প্ৰভাৱত ১১জনকৈ লোকৰ মৃত্যু হয়। লুধিয়ানাৰ ছুৱা ৰোডৰ কাষৰ শ্বেৰপুৰ চ’কত থকা এটা কাৰখানাৰ পৰা এই বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত অসুস্থ হৈ পৰে আন ১৫জন লোক। দেওবাৰে পুৱা ৭.১৫ বজাত কাৰখানাটোৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ সময়ত কাৰখানাৰ অধিকাংশ শ্ৰমিকেই শুই আছিল। কাৰখানাটোৰ পৰা গেছ নিৰ্গত হোৱাৰ খবৰ পোৱাৰ পিছতে চিকিৎসকৰ এটা দলৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। NDRF–এ অঞ্চলটোৰ পৰা ততাতৈয়াকৈ স্থানীয় বাসিন্দাৰ লগতে আন শ্ৰমিকসকলক উদ্ধাৰ কৰে যদিও তাৰ পূৰ্বে ১১জন শ্ৰমিকৰ বিষাক্ত গেছ সেৱণৰ ফলত মৃত্যু হয়। অসুস্থ হৈ পৰা আন শ্ৰমিকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে কাৰখানাটোৰ পৰা কি গেছ নিৰ্গত হৈছিল তাক নিশ্চিত কৰিবলৈ প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। নিহতসকলৰ ভিতৰত ৬জন পুৰুষৰ লগতে ২টি শিশুসহ ৫গৰাকী মহিলা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...