কৰ্ণাটকত মল্লিকাৰ্জুন খাৰ্গেক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ একাংশ শীৰ্ষ নেতাৰ লগতে কংগ্ৰেছ নেতৃত্বয়ো নিৰ্বাচনী সভাত ভাগ লৈ ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণাটকৰ ক’লাৰত এক নিৰ্বাচনী সভাত ভাগ লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মোদীক বিষাক্ত সাপ আখ্যা দি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

কৰ্ণাটকত মল্লিকাৰ্জুন খাৰ্গেক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

মোদীক ‘বিষাক্ত সাপ’ আখ্যা দিছিল মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰি মোদীৰ মন্তব্য

‘বিষাক্ত সাপ ওলমি থাকে ভগৱান শিৱৰ ডিঙিত’

‘সেয়ে বিজেপিসহ দেশৰ সকলো নাগৰিকেই ভগৱান শিৱৰ ভক্ত’

দুদিন পূৰ্বে কৰ্ণাটকৰ নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মন্তব্য কৰিছিল যে প্ৰধানমন্ত্ৰী মোদী বিষাক্ত সাপৰ অন্য এক ৰূপ। সেয়ে বিজেপিৰ লগতে মোদীৰ পৰাও সতৰ্ক হৈ থাকিবলৈ ৰাজ্যবাসীক পৰামৰ্শ আগবঢ়াইছিল কংগ্ৰেছ নেতাজনে। ইয়াৰ প্ৰত্যুত্তৰত কৰ্ণাটকৰ ক’লাৰত আয়োজিত এক নিৰ্বাচনী সভাত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি অহাৰ বাবেই কংগ্ৰেছে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিষাক্ত সাপৰ সৈতে তেওঁক তুলনা কৰাৰ প্ৰসংগ উত্থাপন কৰি মোদীয়ে কয় যে অহা ১০ মে’ত কৰ্ণাটকে কংগ্ৰেছ এই অভিযোগৰ প্ৰত্যুত্তৰ দিব। মোদীয়ে লগতে কয় যে তেওঁক কংগ্ৰেছে বিষাক্ত সাপ আখ্যা দিয়াতো তেওঁৰ সহজভাৱেই গ্ৰহণ কৰিছে। কিয়নো

‘মোৰ বাবে কৰ্ণাটকৰ সকলো লোকেই হৈছে ভগৱান শিৱ’

‘নিৰ্বাচনত এই শিৱই বিজেপিক ৰক্ষা কৰিব’

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে কৰ্ণাটকত বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হ’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে দেশৰ সকলো লোকেই হৈছে শিৱৰ লেখীয়া আৰু তেওঁ দেশবাসীৰ বাবে সাপৰ ৰূপ ধাৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

আনহাতে কৰ্ণাটকত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত ভাগ লৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ লগতে বিজেপি নেতৃত্বক সমালোচনাৰে থকা–সৰকা কৰে। বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে মুদ্ৰাস্ফীতি হ্ৰাস কৰা, নিবনুৱা সমস্যা দূৰ কৰা আৰু সামগ্ৰিক বিকাশেই কংগ্ৰেছৰ বাবে মূল ইছ্যু বুলি প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে বিজেপিৰ মূল লক্ষ্য হ’ল দেশক লুটি–পুটি খোৱা। বিগত কেবা বছৰ ধৰি বিজেপিয়ে এই লক্ষ্য পূৰণৰ বাবে চেষ্টা চলাই আহিছে বুলি মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।

উল্লেখ্য যে, ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। কংগ্ৰেছ আৰু বিজেপিৰ লগতে প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন জয়ৰ বাবে ভোটাৰৰ মন জয়ৰ চেষ্টা চলাই আহিছে। মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ লগতে কংগ্ৰেছৰ আন একাংশ শীৰ্ষ নেতায়ো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীসহ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ আন শীৰ্ষ নেতৃত্বও কৰ্ণাটকৰ নিৰ্বাচক লৈ সমানে তৎপৰ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...