আকৌ চিপকো আন্দোলন…

আকৌ চিপকো আন্দোলন…
বন সুৰক্ষাৰ গণ আন্দোলন
কোনো কাৰণতে গছ কাটিবলৈ নিদিয়াৰ হুংকাৰ

গছত সাৱতি ধৰি হঠকাৰী সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বিৰোধিতা ৰাইজৰ। নদীৰ পাৰৰ ৬০০০ গছ কাটি নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে যো–জা চলিছিল। কিন্তু সচেতন ৰাইজ ওলাই আহিল বন সুৰক্ষাৰ বাবে।

এই চিপকো আন্দোলনৰ স্থান পুণে…
পুণে ৰিভাৰফৰ্ণ্ট ডেভ’ল’পমেণ্ট প্ৰজেক্টৰ নামত গছ কটাৰ পৰিকল্পনা কৰিছিল পুণে পৌৰ নিগমে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ মাৰ্চত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু প্ৰকল্পটোৰ নামত প্ৰায় ৬০০০ জোপা গছ কাটিব বুলি খবৰ ওলোৱাৰ পিছতে চল’ চিপকো কাৰ্যসূচীৰে ওলাই আহিল স্থানীয় লোক…

গছত সাৱতি প্ৰতিবাদ কৰাৰ লগতে সংগীত, সমদলেৰেও চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে পুণেবাসীয়ে। এনে গণ সচেনতাই পুনৰ এবাৰ মনত পেলাই দিলে ১৯৭৩ চনত বৰ্তমানৰ উত্তৰাখণ্ডৰ গাড়ৱানত চলা চিপকো আন্দোলনক। এই গছ সাৱতি বন ধ্বংসৰ প্ৰতিবাদে সমগ্ৰ দেশকে প্ৰেৰণা দি আহিছে। কিন্তু এতিয়াও যেন এই বাৰ্তাই চুব পৰা নাই অসমক। নিৰ্মাণ কাৰ্যৰ নামত অসমত বনধ্বংস চলিলেও গা নলৰে কাৰোৰেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...