আকৌ চিপকো আন্দোলন…

আকৌ চিপকো আন্দোলন…
বন সুৰক্ষাৰ গণ আন্দোলন
কোনো কাৰণতে গছ কাটিবলৈ নিদিয়াৰ হুংকাৰ

গছত সাৱতি ধৰি হঠকাৰী সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বিৰোধিতা ৰাইজৰ। নদীৰ পাৰৰ ৬০০০ গছ কাটি নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে যো–জা চলিছিল। কিন্তু সচেতন ৰাইজ ওলাই আহিল বন সুৰক্ষাৰ বাবে।

এই চিপকো আন্দোলনৰ স্থান পুণে…
পুণে ৰিভাৰফৰ্ণ্ট ডেভ’ল’পমেণ্ট প্ৰজেক্টৰ নামত গছ কটাৰ পৰিকল্পনা কৰিছিল পুণে পৌৰ নিগমে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ মাৰ্চত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু প্ৰকল্পটোৰ নামত প্ৰায় ৬০০০ জোপা গছ কাটিব বুলি খবৰ ওলোৱাৰ পিছতে চল’ চিপকো কাৰ্যসূচীৰে ওলাই আহিল স্থানীয় লোক…

গছত সাৱতি প্ৰতিবাদ কৰাৰ লগতে সংগীত, সমদলেৰেও চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে পুণেবাসীয়ে। এনে গণ সচেনতাই পুনৰ এবাৰ মনত পেলাই দিলে ১৯৭৩ চনত বৰ্তমানৰ উত্তৰাখণ্ডৰ গাড়ৱানত চলা চিপকো আন্দোলনক। এই গছ সাৱতি বন ধ্বংসৰ প্ৰতিবাদে সমগ্ৰ দেশকে প্ৰেৰণা দি আহিছে। কিন্তু এতিয়াও যেন এই বাৰ্তাই চুব পৰা নাই অসমক। নিৰ্মাণ কাৰ্যৰ নামত অসমত বনধ্বংস চলিলেও গা নলৰে কাৰোৰেই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...