মোমায়েকৰ পোছাক পিন্ধি ৰেম্পত ধুমুহা আনিলে সাংসদে, কোন এইগৰাকী যুৱ ৰাজনীতিবিদ?

ৰাজনীতিৰ পথাৰত নহয় এইবাৰ ৰেম্পত সকলোকে চমক দিলে এগৰাকী বিধায়কে। দিল্লীৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ, নাম যাৰ ৰাঘৱ চদ্ধা। আম আদমী পাৰ্টীৰ নেতাগৰাকীক দেওবাৰে দেখা গল লেকমে ফেশ্বন উইকত। ৩৩ বছৰীয়া সাংসদগৰাকীয়ে সম্পৰ্কীয় মামাক তথা ফেশ্বন ডিজাইনাৰ পৱন চছদেৱাৰ পোছাক পৰিধান কৰি ৰেম্প ৱাক কৰে।

ক’লা লেডাৰৰ জেকেটৰ সৈতে একে ৰঙৰ পেণ্ট পৰিহিত ডিজাইনাৰ পোছাকত অত্যন্ত আত্মবিশ্বাসী দেখা গৈছিল ৰাঘৱ চদ্ধাক। ইতিমধ্যে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছে ফটো। কেপচনত লিখিছে-“Walked the ramp at Lakme Fashion Week 2022 for my maternal uncle (Mama), fashion designer Pawan Sachdeva। উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যসভালৈ মনোনীত হৈছে ৰাঘৱ চদ্ধা।

৩৩ বছৰ বয়সতে উচ্চ সদনলৈ নিৰ্বাচিত হোৱাৰ বাবে চৰ্চিত হৈ আছে আপ নেতাগৰাকী। ইফালে পঞ্জাৱত বিপুল ভোটত জয়লাভ কৰিছে আম আদমী পাৰ্টীয়ে। ১১৭জনীয়া বিধানসভাত ৯২খন আসন লাভ কৰি ইতিমধ্যে চৰকাৰ গঠন কৰিছে আপে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...