গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৪০খন আসনত প্ৰাৰ্থী প্ৰদান আম আদমী আদমী পাৰ্টীৰ

দেশৰ ৰাজধানী দিল্লীত অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টীৰ চৰকাৰ গঠন কৰাৰ পিছত চলিত বৰ্ষত কেজৰিৱালে পঞ্জাৱতো আম আদমী পাৰ্টীয়ে বিস্তাৰ কৰে আধিপত্য। এইবাৰ কেজৰিৱালৰ চকু অসমৰ ৰাজধানীত। চলিত বৰ্ষৰ ২১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৬০খন আসনৰ ৪০খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে আম আদমী আদমী পাৰ্টীয়ে।

আম আদমী পাৰ্টীৰ শীৰ্ষনেতা মহেশ যোশীয়ে জনায় যে এইবাৰ ৪০জন পাৰ্থীয়ে বিজয়ী হ’ব আৰু গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব ল’ব। গুৱাহাটীৰ ৰাইজে বিজেপি আৰু কংগ্ৰেছৰ চৰকাৰ পাইছে। পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰ আৰু বিজেপি চৰকাৰখনে গুৱাহাটীৰ সমস্যাসমূহ এতিয়ালৈকে সমাধান কৰিবলৈ সক্ষম হোৱা নাই। যিসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত আপ চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিব। গতিকে গুৱাহাটীৰ ৰাইজে এক গ্ৰহণযোগ্য বিকল্প বিচাৰি আছে আৰু আম আদমী পাৰ্টীয়েই যেন হৈছে সেই বিকল্প।

৪০খন আসনত ৩১খন আসন লাভ কৰাটো সঁচাকে বিশ্বাসযোগ্যনে? তাৰ প্ৰত্যুত্তৰত আপ নেতাগৰকীয়ে কয় যে, “কেইদিনমান পূৰ্বে বহু লোকে পঞ্জাৱৰ বিষয়ে একেই কথা কৈছিল। সেই ৰাজ্যৰ জনতাই অসম্ভৱটো সম্ভৱ কৰি তুলিছে। এইবাৰ গুৱাহাটীতো একেই ঘটিব। ”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...