অৰুণাচল প্ৰদেশত দেখা পোৱা গৈছে এক বিৰল প্ৰজাতিৰ বান্দৰ

অৰুণাচল প্ৰদেশত দেখা পোৱা গৈছে এক বিৰল প্ৰজাতিৰ বান্দৰ। ইয়াৰ আগতে এই প্ৰজাতিৰ বান্দৰ ২০১৫ চনত কেৱল এবাৰহে দেখা গৈছিল দক্ষিণ তিব্বতত। ভাৰতীয় জুলজিকেল চাৰ্ভে অব ইণ্ডিয়াৰ বিজ্ঞানীসকলে এমাহ আগতে অৰুণাচলৰ আনজাৱ জিলাত হোয়াইট চিকড ম্যাকাকাৰ সন্ধান লাভ কৰিছিল।

এইবাৰ ৰাজ্যখনৰ পশ্চিম কামেং জিলাত সেই প্ৰজাতিৰ আন এটা বান্দৰৰ ছবি বন বিভাগৰ কেমেৰাত বন্দী হয়। বিজ্ঞানীসকলৰ মতে ৰাজ্যখনৰ লগতে দেশৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ। পশ্চিম কামেং জিলাৰ ডিএফঅ’ চুখু লোমাই কয়, “আনজাৱত বগা পোৱালী ৰঙৰ বান্দৰ দেখা পোৱাৰ কেইদিনমানৰ ভিতৰতে আমাৰ বন কৰ্মীয়ে দিৰাঙৰ বিশুম ফুডুং অঞ্চলত সেই প্ৰজাতিৰ আন এটা বান্দৰক কেমেৰা ট্ৰেপত দেখিছিল। গালৰ দুয়োফালে বগা দাগ আৰু ডিঙিত দীঘল ডাঠ চুলি। তেওঁলোকে আন বান্দৰৰ সৈতে একে ঠাইতে ভাগ বতৰা কৰি আছে। এই অনুসন্ধানটো অতি ব্যতিক্ৰমী। আমি আকৌ উপলব্ধি কৰিলোঁ যে আমি এতিয়াও ৰাজ্যৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে কিমান কম জানো। “

পশুপ্ৰেমীসকলৰ মতে, পশ্চিম কামেং জিলাৰ হোৱাইট চিকেড বান্দৰৰ বসতি আৰু চৰণীয়া এলেকাৰ যোগান কৰাৰ প্ৰয়োজন। লোমাই কৈছে যে জিলা বন বিভাগে এই ক্ষেত্ৰত নিজে কাম আৰম্ভ কৰিছে। লগতে এই অঞ্চলটোত বিৰল প্ৰজাতিৰ মেকুৰীও দেখা পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...