NK HEALTH TIPS: তুলসীৰ উপকাৰিতাৰ বিষয়ে জানেনে?

0 30

NK হেলথ্ টিপছ্। আজি ক’বলৈ ওলাইছো তুলসীৰ উপকাৰিতাৰ বিষয়ে। তুলসীৰ আছে বহু ঔষধি গুণাগুণ। দৈনিক তুলসীৰ পাত খালে প্ৰতিৰোধ হয় বিভিন্ন ৰোগৰ। তুলসী পাতৰ ৰস খালে নাশ হয় কৃমি।

তেজো পৰিস্কাৰ কৰে তুলসী পাতে। তুলসী পাতৰ চাহ খালে নিৰাময় হয় যকৃত ৰোগৰ। তুলসী পাতৰ ৰস মৌৰ লগত খালে ভাল হয় কাহ। এইদৰে খালে ভাল হয় জ্বৰো। মুখৰ দুৰ্গন্ধও নাশ কৰে তুলসী পাতে।

মধুমেহ ৰোগীৰ বাবেও ভাল তুলসী পাত।নিয়মীয়াকৈ তুলসীৰ পাত খালে নিমজ হয় গাৰ ছাল। লগতে বৃদ্ধি কৰে দেহৰ সৌন্দৰ্যয়ো। তুলসীৰ পাতৰ ৰসেৰে হালধি ৰস মিহলাই খালে ভাল হয় উচ্চ ৰক্তচাপ।

এনেদৰে তুলসীৰ আছে বহু ঔষধি গুণাগুণ।ইয়াৰোপৰি বায়ু বিশুদ্ধে কৰে তুলসী গছে। গতিকে তুলসী ৰুই বায়ু বিশুদ্ধ কৰাৰ লগতে দূৰ কৰক দেহৰ বিভিন্ন সমস্যা।

Leave A Reply

Your email address will not be published.