চিৰাজুদ্দিন আজমলক সাহিত্য সভাৰ আজীৱন সভ্যৰ পদৰ পৰা বহিষ্কাৰৰ দাবী

বিধায়ক চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাৰ ওপৰত কৰা চৰম অপমানৰ পিছতে তেওঁক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে। ৰবিবাৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধিয়ে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মালৈ বিধায়ক চিৰাজুদ্দিন আজমলৰ অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ কৰাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰে।

তেওঁ লিখিছে যে, “অসম বিধান সভাৰ চৌহদত এ আই ইউ ডি এফৰ বিধায়ক চিৰাজুদ্দিন আজমলে সংবাদ মাধ্যম যোগে অসমীয়া ভাষাক লৈ কৰা কটুক্তি আমাৰ দৃষ্টিগোচৰ হৈছে। এই কথাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিজন কৰ্মকৰ্তাই ক্ষুব্ধ হৈ পৰিছে। এই কথা আমি জানো যে চিৰাজুদ্দিন আজমল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে অহর্নিশেই কাম কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম জাতীয় সংগঠন অসম সাহিত্য সভাৰ এজন আজীৱন সভ্য সভাৰ এগৰাকী আজীৱন সভ্য হিচাপেই নহয় এজন সন্মানীয় বিধায়ক হিচাবে পবিত্র বিধান সভাৰ চৌহদত চিৰাজুদ্দিন আজমলৰ এই আচৰণ সভাৰ পক্ষে তথা অসমীয়া ভাষাৰ পক্ষে মংগলজনক নহয়। সেয়ে এনে গর্হিত কৰ্মৰ বাবে তেখেতৰ অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই পত্ৰযোগে অনুৰোধ জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...