অভিজিৎ বৰালৈ যুৱ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ এই বছৰৰ ৩০ আৰু ৩১ মাৰ্চ তাৰিখে চেন্নাইত প্ৰদান কৰা হয়। চেন্নাইৰ এছ. আৰ. এম. বিশ্ববিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ ২৪জন যুৱ লেখকক ২০২১বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়।

ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰি অহা সাহিত্য অকাডেমী পুৰস্কাৰ গোলাঘাট জিলাৰ যুৱ লেখক অভিজিৎ বৰাই লাভ কৰে। তেওঁক ‘ডেউকা কোবাই যায়’ শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা প্ৰদান কৰে। তেওঁক সাহিত্য অকাডেমীৰ স্মাৰক আৰু নগদ ৫০হাজাৰ টকা প্ৰদান কৰা হয়। জ্ঞানপীঠ বঁটা বিজয়ী লেখক চন্দ্ৰশেখৰ কাম্বাৰে এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তামিল লেখক এছ. ৰামকৃষ্ণন।

উল্লেখযোগ্য যে, ‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰাই ২০২০চনত ২৬ সংখ্যক মুনীন বৰকটকী বঁটাও পাবলৈ সক্ষম হৈছিল। যুৱ লেখকজনৰ এই সফলতাই নিশ্চিতভাৱে গৌৰৱান্বিত কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...