হোলী উদযাপনৰ পৰা বিৰত আম আদমী পাৰ্টি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাই এইবাৰ হোলী উদযাপনৰ পৰা বিৰত থাকে আম আদমী পাৰ্টি। এই কথা প্ৰকাশ কৰিলে আপৰ নেত্ৰী তথা মন্ত্ৰী আতিশীয়ে কয় যে হোলী কেৱল এটা উৎসৱেই নহয় ই দুষ্টৰ বিৰুদ্ধে মংগলৰ বিজয়ৰ এক প্ৰতীক। নিষ্ঠুৰতাৰ বিৰুদ্ধে এয়া ন্যায়ৰ বিজয়ৰ প্ৰতীক। আজি এই অমংগল, দুষ্টচক্ৰ আৰু অন্যায়ৰ বিৰুদ্ধে আম আদমী পাৰ্টিয়ে সংগ্ৰাম আৰম্ভ কৰিছে। সেয়ে এইবাৰ দলে হোলী উদযাপনৰ পৰা অব্যাহত থাকে বুলি মন্তব্য কৰি আপৰ নেত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা গণতন্ত্ৰ লুপ্ত কৰাৰ চেষ্টা চলাইছে। নিষ্ঠুৰ শাসকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাগাৰত নিক্ষেপ কৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি আতিশীয়ে লগতে কয় যে দেশত গণতন্ত্ৰ বিলুপ্তকৰণৰ এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আপে সংগ্ৰাম অব্যাহত ৰাখিব। ৰঙৰ উৎসৱৰ মাজতে আপৰ নেত্ৰীগৰাকীয়ে সকলো শ্ৰেণীৰ লোকক এনে অন্যায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। কেৱল আপেই নহয়, দিল্লীবাসীৰ লগতে সমগ্ৰ দেশবাসীয়েই গণতন্ত্ৰ সুৰক্ষাৰ বাবে আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে আপৰ নেত্ৰীগৰাকীয়ে।

হোলী উদযাপনৰ পৰা বিৰত থাকে আম আদমী পাৰ্টি
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোলী বৰ্জন
‘হোলী হৈছে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ৰ প্ৰতীক’
‘অমংগল, দুষ্টচক্ৰ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব’
প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধেও সৰৱ আপৰ নেত্ৰী আতিশী
‘মোদীয়ে দেশৰ পৰা গণতন্ত্ৰক লুপ্ত কৰাৰ চেষ্টা চলাইছে’
ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব আম আদমী পাৰ্টিয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...