পাপুৱা নিউ গিনিত প্ৰৱল ভূমিকম্পৰ জোকাৰণি

প্ৰৱল ভূমিকম্পত কঁপি উঠিল পাপুৱা নিউ গিনিৰ পশ্চিমাঞ্চল। ৰিখটাৰ স্কেলত ৬.৯ প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত কমেও ১০জন লোক নিহত হোৱাৰ লগতে ধ্বংসপ্ৰাপ্ত হয় ১০০০ৰো অধিক বাসগৃহ। দেওবাৰে নিশা এই প্ৰৱল ভূমিকম্পত কপি উঠে ৰাজধানী প’ৰ্ট ম’ৰেছবিৰ পৰা ৭৫৬ কিলোমিটাৰ উত্তৰ–পশ্চিমৰ আম্বুণ্টি চহৰ। অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমে প্ৰকাশ কৰা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আম্বুণ্টি চহৰৰ ভূপৃষ্ঠৰ পৰা ৪০ কিলোমিটাৰ গভীৰতা। ভূমিকম্পৰ জোকাৰণি ইমানেই প্ৰৱল আছিল যে চহৰখনৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ১০০০ৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয়। অষ্ট্ৰলিয়াৰ পৰা উত্তৰৰ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এই দেশখন ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত হোৱা হেতুকে বিগত সময়ছোৱাত কেইবাটাও বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হৈ আহিছে। যোৱা বছৰত দুটাকৈ ভূমিকম্পৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে বৃহৎ ক্ষয়–ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় পাপুৱা নিউ গিনি।

পাপুৱা নিউ গিনিত প্ৰৱল ভূমিকম্পৰ জোকাৰণি
৬.৯ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত নিহত কমেও ১০জন
ধ্বংসস্তুপত পৰিণত হয় ১০০০ৰো অধিক বাসগৃহ
ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত আম্বুণ্টি চহৰ
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভূপৃষ্ঠৰ পৰা ৪০ কিঃমিঃ গভীৰত
ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত পাপুৱা নিউ গিনি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...