সামাজিক মাধ্যমৰ চৰ্চাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ এখন ফটো

সামাজিক মাধ্যমৰ চৰ্চাত এখন বিশেষ ফটো

এসময়ৰ খেতিয়ক, পাচলি বিক্ৰেতা

এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী…

অলপতে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা লালডুহোমাৰ এখন বিশেষ ফটো বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কৃষক পৰিয়ালত জন্মলাভ কৰা লালডুহোমাক ফটোখনত পাচলি বিক্ৰেতাৰ ৰূপত দেখা পোৱা গৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা IPS বিষয়াজন আজি মিজোৰামৰ মুখ্যমন্ত্ৰী। ১৯৮৪ চনত লোকসভাৰ সাংসদ হিচাপে মনোনীত হোৱা লালডুহোমাই কেৱল যে আৰক্ষী সেৱা অথবা ৰাজনীতিৰ লগতে জড়িত এনে নহয়। আদৰ্শ খেতিয়ক হিচাপেও নাম আছে লালডুহোমাৰ। আনকি নিজেই উত্পাদন কৰা শাক-পাচলি সমূহ বজাৰলৈ গৈ নিজেই বিক্ৰী কৰে লালডুহোমাই। ৯ ডিচেম্বৰত শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমখন সংবাদমেলতে লালডুহোমাই কৃষকসকলৰ উন্নয়ন, ৰাজ্যৰ আৰ্থিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে দুৰ্নীতিৰ সৈতে মোকাবিলা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৭৪ বছৰীয়া সহজ, সৰল মনৰ লালডুহোমা মিজোৰামৰ চাম্পাই জিলাৰ তুৱালপুই গাঁৱৰ এটি কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। চাৰিগৰাকী সন্তানৰ ভিতৰত কনিষ্ঠ লালডুহোমাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। তেতিয়াৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ৫ বছৰ কাম কৰি ১৯৭৭ চনত আই পি এছৰ বাবে বাছনি হয় লালডুহোমা।

চাকৰি এৰি কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে ১৯৮২ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল লালডুহোমা। ১৯৮৪ চনত কংগ্ৰেছৰ টিকট লাভ কৰি তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত ১৯৮৮ চনৰ নৱেম্বৰ মাহত Anti-defection lawৰ অধীনত তেওঁক অযোগ্য সাংসদ হিচাপে ঘোষণা কৰা হয়।

এই ঘটনাৰাজিৰ পিছতেই লালডুহোমা ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ পৰে আৰু মিজো নেচনেল ফ্ৰণ্ট (এম এন এফ)ৰ নেতৃত্বত চলি থকা মিজোৰামৰ দুই দশক পুৰণি বিদ্ৰোহৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাত জড়িত হৈ পৰে। ১৯৮৬ চনত মিজোৰাম শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত লালডুহোমাই কিছু দিনৰ বাবে উপদেষ্টা হিচাপে দলত যোগদান কৰাৰ পিছত ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্ট (নেচনেলিষ্ট) গঠন কৰে যিটো দলৰ নাম পিছলৈ জোৰাম নেচনেলিষ্ট পাৰ্টি (জেড এন পি) নামেৰে নামকৰণ কৰা হয়। আৰক্ষী সেৱা আৰু ৰাজনীতি দুয়োটা ক্ষেত্ৰতে বিশাল অভিজ্ঞতাৰে পৰিপুষ্ট খ্ৰীষ্টান ধৰ্মত বিশ্বাসী লালডুহোমাই মিজোৰামৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি যাব পাৰিব বুলি প্ৰবল বিশ্বাসী ৰাজ্যখনৰ জনসাধাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...