মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্য

মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্য
শতাধিক হাতীক খেদি নিছে এদললোকে

তাৰ মাজতে এদাল প্ৰকাণ্ড বাঁহ লৈ বনৰীয়া হাতীক প্ৰচণ্ড কোব শোধাইছে এজনে। জোং দালেৰে খুচি, কোবাই বনৰীয়া হাতীজাকক চলাইছে নিৰ্মম অত্যাচাৰ। শেহতিয়াকৈ বন্যহস্তীক অত্যাচাৰৰ এই দৃশ্য গোলাঘাটৰ বহু লোকৰ মোবাইলে মোবাইলে উপলব্ধ হৈ পৰিছিল। আৰু অৱশেষত সক্ৰিয় হ’ল ৰাজ্যৰ বন বিভাগ। হাতত যাঠি-জোং লৈ বন্যহস্তীক অত্যাচাৰ চলোৱা যুৱকক গ্ৰেপ্তাৰ। ঘটনাটো আছিল গোলাঘটৰ অভয়জানৰ। নামবৰ হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীক এইজন যুৱকে চলাইছিল অত্যাচাৰ। ভাইৰেল হৈ পৰা সেই ভিডিঅ’ৰ ভিত্তিত মুৰফুলনী খণ্ড বন বিষয়াই গ্ৰেপ্তাৰ কৰে কমল গুৱালা নামৰ যুৱকজনক।

বন আইন উলংঘা কৰাৰ অপৰাধত সম্প্ৰতি ৰঙা ঘৰৰ আলহী কমল গুৱালা। যি সময়ত ৰাজ্যত হাতী মানুহৰ সংঘাতে জটিলৰূপ ধাৰণ কৰিছে তেনে সময়ত মুৰফুলনী বন বিভাগৰ এই পদক্ষেপ যেন ৰাজ্যবাসীলৈ এক কঠোৰ সতৰ্কবাণী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...