মাজুলীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জল জীৱন মিছনৰ পর্যালোচনা বৈঠক

আজি মাজুলী জিলাৰ জিলা প্রশাসন আৰু অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান(গ্রাম্য)-ৰ আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰাৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত জিলাখনত জল জীৱন মিছনৰ অন্তর্গত আঁচনিসমূহৰ সমস্যাৰ খতিয়ান লৈ ৰাইজক নির্দিষ্ট সময়ৰ ভিতৰত টেপ যোগে নির্মল খোৱা পানী উপলদ্ধ কৰাৰ বাবে জিলা প্রশাসনৰ লগতে বিভাগৰ বিষয়াবর্গক সমস্যাসমূহৰ ক্ষিপ্র আৰু ফলপ্ৰসূ সমাধান কৰিবলৈ নির্দেশ প্রদান কৰাৰ লগতে ইতিমধ্যে সমাপ্ত হোৱা কাম সমূহতো যদি কিবা খুটি নাটি আছে তাক সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে মাজুলী জিলাৰ পানীযোগান প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ দিশ আৰু সমস্যাৰ ওপৰত বিভাগীয় অভিযন্তাৰ লগতে অন্য বিভাগৰ অভিযন্তাই আঁচনি সমূহ পৰিদৰ্শন কৰি প্ৰকাশ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি আজি এই পৰ্যালোচনা বৈঠকখন আহবান কৰা হৈছে। যিহেতু এই বৃহত্তৰ অঞ্চল আৰ্ছেনিক প্ৰৱণ, তেনে ক্ষেত্ৰত পানীৰ গুণগতমান উন্নত কৰাৰ লগতে মন্ত্ৰী বৰুৱাই গোন্ধ নিৰ্বাসনৰ ক্ষেত্ৰত টিওৱেলৰ প্ৰচলনৰ পোষকতা কৰে। উক্ত দিশত প্ৰয়োজন হোৱা আৰ্থিক সহায়ো অসম চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰে।

আজিৰ এই সভাত মাজুলীৰ বিধায়ক ভুবন গাম, অতিৰিক্ত মুখ্য সচিব চৈয়দাইন আব্বাছি, এম ডি, জে জে এম কৈলাশ কাৰ্তিক, জিলা আয়ুক্ত কাবেৰী শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব, মুখ্য অভিযন্তা সহিতে অন্যান্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...