ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত “হেয়ান্‌চ হাউচ” উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

তথ্যক জ্ঞানলৈ ৰূপান্তৰ কৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্যঃ সিংহল

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি মহানগৰীৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত উপস্থিত হৈ আনুষ্ঠানিকভাৱে “হেয়ান্‌চ হাউচ”ৰ শুভ উদ্বোধন কৰে।

নিজৰ উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনৰ বিদ্বান অধ্যাপক, মেধাৱী ছাত্ৰ-ছাত্ৰীসকল আৰু নিষ্ঠাবান কৰ্মচাৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰী সিংহলে কয় যে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দৰে এক আগশাৰীৰ অভিজাত শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ পোৱা ছাত্ৰ-ছাত্ৰীসকল সঁচাকৈয়ে সৌভাগ্যৱান। তেওঁ কয় যে দেশৰ স্বাধীনতাৰ স্বৰ্ণযুগৰ সময়তে আজিৰ ছাত্ৰ-ছাত্ৰীসকল স্নাতক হৈ ওলাব, যি আন এক গুৰুত্বপূৰ্ণ কথা। ১৫বছৰৰ পৰা ২৫ বছৰৰ ভিতৰৰ ৫৪ কোটি যুৱক-যুৱতীৰে সমৃদ্ধ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে আটাইতকৈ যুৱ দেশ বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱশক্তিৰে পূৰ্ণ এই দেশৰ প্ৰতি সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰাৰ দৰে স্বাধীনতাৰ মহাৰজত জয়ন্তীৰ পৰৱৰ্তী ২৫ বছৰ দেশৰ বাবে অমৃত কাল বুলি অভিহিত কৰি তেওঁ কয় যে এই ২৫ টা বছৰত দেশৰ যুৱশক্তিয়ে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰ পৰা ছুপাৰ পাৱাৰলৈ আৰু ছুপাৰ পাৱাৰৰ পৰা বিশ্বগুৰুলৈ উত্তৰণ ঘটাব। এই সময়ছোৱাত বিশ্বৰ দ্বিতীয়খন ৰাষ্ট্ৰৰূপে আমাৰ দেশে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি স্পৰ্শ কৰিব। ১৫০ কোটি ভাৰতীয় আজি বিশ্বৰ সৰ্ববৃহত বজাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে আজি ভাৰতবৰ্ষই ক্ৰয় কৰিবলৈ বন্ধ কৰি দিলে বিশ্বৰ বজাৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হব। আজি বিশ্বই ভাৰতীয়সকলক সমীহ আৰু সন্মানৰ দৃষ্টিৰে চায়, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত বছৰসমূহত সূচনা হোৱা পৰিৱৰ্তিত পৰিস্থিতিয়েই ইয়াৰ মূল কাৰণ বুলি তেওঁ মন্তব্য কৰে। তথ্যক জ্ঞানলৈ ৰূপান্তৰ কৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য বুলি তেওঁ মন্তব্য কৰে। আমি সকলোৱেই জন্মগতভাৱে সুকীয়া সুকীয়া দক্ষতাৰ অধিকাৰী বুলি মন্তব্য কৰি তেওঁ কয় যে সেই দক্ষতাক চিনাক্ত কৰি তাক আগবঢ়াই লৈ যোৱাটোৱেই শিক্ষকসকলৰ, শিক্ষানুষ্ঠানৰ মূল কাম আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে জীৱনত সেই দক্ষতাত বুৎপত্তি সাধনৰ দিশেৰেই আগুৱাই যোৱা উচিত। মানুহক সমাজে তেওঁ আহৰণ কৰা শিক্ষাৰে নহয়, সমাজলৈ আগবঢোৱা বৰঙনিৰেহে জুখে বুলি মন্তব্য কৰি মন্ত্ৰী সিংহলে কয় যে নিজৰ লগতে সমাজৰ হিত সাধনো সেয়ে শিক্ষা অৰ্জনৰ অন্যতম উদ্দেশ্য হোৱা বাঞ্ছনীয়। অসমৰ শিক্ষাৰ্থীয়ে ঘৰতে থাকি বিশ্বমানৰ শিক্ষা লাভ কৰিব পৰাকৈ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে আগবঢ়োৱা আন্তঃগাঁথনিৰ বাবে তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য এ.কে. পঞ্চাৰী, মুখ্য আচাৰ্য এ.কে. মোডী আৰু উপাচাৰ্য এছ পি সিঙৰ লগতে বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...