প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই কলিয়াবৰত ভয়ংকৰ ঘটনা

কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই যুৱতী-পিতৃ-মাতৃক ছুৰীকাঘাত যুৱকৰ। কলিয়াবৰ মহকুমাৰ পূৱ-শোৱালনীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আমবাগান কোলিডুঙাৰ ৰাজীৱ দাসৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। ৰাজীৱৰ প্ৰেমৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত‍্যাখান কৰি আহিছিল যুৱতীয়ে। পুনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত‍্যাখান কৰাৰ পাছত নিশা প্ৰায় ৯-৩০ মান বজাত ৰাজীৱ দাসে হাতত ছুৰী লৈ যুৱতীগৰাকীৰ ঘৰলৈ গৈ যুৱতীগৰাকীৰ লগতে পিতৃ-মাতৃক আক্ৰমণ কৰে। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত হয় তিনিওজন। আহত যুৱতী-পিতৃ-মাতৃক জখলাবন্ধাস্থিত মহকুমা চিভিল হাস্পতালত প্ৰাথমিক চিকিৎসা কৰোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান পলাতক অৱস্থাত আছে ৰাজীৱ দাস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...