অভিনেত্ৰী সুহানি ভাটনাগৰ আৰু নাই

0 680

DANGALছবিত কণমানি ববিতা ফোগাতৰ চৰিত্ৰত অভিনয় কৰা সুহানি ভাটনাগৰ আৰু নাই। অভিনেত্ৰীগৰাকীৰ ১৭ ফেব্ৰুৱাৰীত দিল্লীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ। সুহানী ভাটনাগৰৰ মৃত্যুৱে সকলোৱে শোকাহত কৰি তুলিছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে দুৰ্ঘটনাত ভৰি ভাঙিছিল সুহানীৰ। সেই চিকিৎসাৰ বাবে ঔষধ খাইছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ পৰাই পাৰ্শ্বক্ৰিয়া আৰম্ভ হয়, শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। তাৰ ফলতে তৰুণী অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিছুদিন ধৰি দিল্লীৰ এইমছত ভৰ্তি হৈ আছিল ফৰিদাবাদৰ কন্যা সুহানী।

Leave A Reply

Your email address will not be published.