নাওবৈচাৰ কিশোৰীক অৰুণাচলত বিক্ৰী

আলু-পিয়াঁজৰ দৰ-দাম, বৰ বৰ অট্টালিকাৰ দৰ-দামতে সীমাবদ্ধ নহয় আজিৰ যুগৰ বজাৰ ব্যৱস্থা। আজিৰ যুগৰ বজাৰত দৰ দাম চলে মানুহৰো। ৩ লাখ টকাতেই বিক্ৰী হয় মানুহ। নাওবৈচাত সংঘটিত হৈছে তেনে এক উদ্বেগজনক ঘটনা। অৰুণাচললৈ নি বিক্ৰী কৰা হল ১২ বছৰীয়া কিশোৰীক। প্ৰশ্ন উঠিছে আজিৰ যুগত মানুহ সঁচাকৈয়ে মানুহ নে পণ্য!
…………………………….
৩ লাখ টকাত বিক্ৰী হ’ল ১২ বছৰীয়া কিশোৰী
নাওবৈচাৰ কিশোৰীক অৰুণাচলত বিক্ৰী
মানৱ সৰবৰাহকাৰীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

এক উদ্বেগজনক বিষয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈ থকাৰ সময়তে নাওবৈচাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নাওবৈচা আৰক্ষী চকীৰ অধীনস্থ এখন গাঁৱৰ একাধিক দুৰ্বৃত্তই এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰুণাচলৰ লোকক ৩ লাখ টকাত বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গাঁওখনৰ ১২ বছৰীয়া কিশোৰীগৰাকীক যোৱা ৫ এপ্ৰিলতে নিশা শুই থকাৰ সময়তে স্থানীয় লোকৰ এটা দলে কৌশলেৰে মাতি লৈ যায়। ষষ্ঠ শ্ৰেণীত পঢ়ি ছাত্ৰীগৰাকীক স্থানীয় নগেন পায়েঙ, ৰেবা পায়েঙৰ নেতৃত্বত এটা মানৱ সৰবৰাহকাৰী চক্ৰই অৰুণাচল প্ৰদেশৰ পালিনলৈ নি তিনি লাখ টকাত বিক্ৰী কৰাৰ বিষয়ে পৰিয়াল, আৰু স্থানীয় ৰাইজে ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰে।

ইফালে, কিশোৰীগৰাকীক দুষ্ট চক্ৰটোৱে প্ৰলোভনেৰে নি বিক্ৰী কৰা সন্দৰ্ভত স্থানীয় নাওবৈচা আৰক্ষী চকীত অভিযোগ দিবলৈ যোৱা পৰিয়ালৰ লোকক আৰক্ষী চকীৰ জনৈক শৰ্মা উপাধিৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীয়ে নিৰুদ্দেশ হোৱা বুলি এজাহাৰত লিখিবলৈ হেঁচা প্ৰয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিষয়াগৰাকীৰ হেঁচাত ভতিজী নিৰুদ্দেশ হোৱা বুলি এজাহাৰত উল্লেখ কৰাৰ বিষয়ে পৰিয়ালে সংবাদ মাধ্যমৰ আগত ক্ষোভ আৰু দুখেৰে প্ৰকাশ কৰি নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভূমিকাক সমালোচনা কৰে।

প্ৰশ্ন হয়, আজিৰ যুগত মানুহ সঁচাকৈয়ে মানুহ নে পণ্য। এনেকৈ টকাৰ বিনিময়ত বজাৰৰ সামগ্ৰীৰ দৰ মানুহ বিক্ৰী কৰা চক্ৰটোক কেতিয়াকৈ নাকী লগাব পাৰিব আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...