এৰাব নোৱাৰা নিচাই জন্ম দিছে সৰ্বনাশী জুৱাৰ

এফালে টিভি স্ক্ৰীন আৰু আনফালে ম’বাইল ফোনৰ জিঅ’ চিনেমা এপত চলিছে শ্বাসৰুদ্ধকৰ IPL ক্ৰিকেট। আৰু অসমৰ গাঁৱে গাঁৱে চলিছে IPL ক্ৰিকেটৰ ৰমৰমীয়া জুৱা। এই অবৈধ জুৱাৰ বিৰুদ্ধে দৈনিক চলিছে আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন চাল ছিগা জুৱাৰী। তাকে ধৰি বাঃ বাঃ লৈছে বিয়াগোম অসম আৰক্ষীয়ে। ইপিনে, মুকলি আকাশৰ তলত বুকু ফিন্দাই ঘূৰি ফুৰিছে ৰাজ্যত IPL জুৱাৰ চলাই থকা তিনিচুকীয়াৰ দুই মাফিয়া ভাতৃদ্বয় বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়া।

ক্ৰিকেট মানেই শিহৰণ। IPL ক্ৰিকেট মানেই শ্বাসৰুদ্ধকৰ মুহূৰ্ত। আৰু শ্বাসৰুদ্ধকৰ মুহূৰ্তৰ IPL ক্ৰিকেট মানেই যেন এৰাব নোৱাৰা নিচা। যি নিচাই ৰাজ্যৰ চুকে কোণে গাঁৱে গাঁৱে জন্ম দিছে সৰ্বনাশী জুৱাৰ।

প্ৰতিযোগিতা যিমানেই আকৰ্ষণীয় ৰূপত আগবাঢ়িছে সিমানেই বাঢ়িছে টকাৰ খেল। পৰবৰ্তী বলত ৬ কোবাব নে ৪? নে পৰবৰ্তী বলতেই OUT? ইম্পেক্ট প্লেয়াৰে কি মাৰিব? কোনটো অ’ভাৰ হ’ব ‘বিগ অ’ভাৰ’? টকা, টকা আৰু কেৱল টকাৰ খেল।

বলীউড চেলিব্ৰিটী আৰু ক্ৰিকেট তাৰকাখচিত বিজ্ঞাপনৰ হোৰ্ডিঙেৰে ভৰি পৰিছে ৰাজ্যৰ ৰাজপথৰ কাষ। খোদ চৰকাৰী পৃষ্ঠপোষকতাত চলা এই জুৱাৰ বিজ্ঞাপনৰ বিপৰীতে সাধাৰণ জুৱাৰীৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ নাটকীয় অভিযান।

আপুনি শুনি আচৰিত হ’ব কাঁহ-পিতলৰ বাবে বিখ্যাত সৰ্থেবাৰীতো এতিয়া চলে IPLৰ জুৱা। এয়া সৰ্থেবাৰীৰ বৃহস্পতিবাৰৰ দৃশ্য। নিশা IPLৰ জুৱাত ব্যস্ত হৈ থাকোঁতে সৰ্থেবাৰীৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই ৭ জুৱাৰীক। উদ্ধাৰ কৰে নগদ ধন আৰু তাছপাত।

বিগত কেইটামান দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধাৰাবাহিক ভাবে গ্ৰেপ্তাৰ হৈছে IPL জুৱাৰী। ৰঙিয়াত গ্ৰেপ্তাৰ হৈছে কলেজীয়া ছাত্ৰ। ৰাজ্যত IPLৰ জুৱা চলাই থকা মাফিয়াই টাৰ্গেট কৰি লৈছে মূলতঃ কলেজীয়া ছাত্ৰ-ছাত্ৰীক। ষ্মাৰ্ট ফোনত অহৰহ ব্যস্ত হৈ থকা নতুন প্ৰজন্মই সহজতে ভৰি দিছে IPL জুৱাৰ সৰ্বনাশী জালত। বুধবাৰে ৰঙিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন ২৪ বছৰীয়া কলেজীয়া ছাত্ৰক। একেদিনাই অভয়াপুৰীত গ্ৰেপ্তাৰ হয় ৪ জনকৈ জুৱাৰী। মংগলবাৰে ধুবুৰীত গ্ৰেপ্তাৰ হয় ৭ জন জুৱাৰী।

এক কথাত ধাৰাবাহিক ভাবে চলি আছে আৰক্ষীৰ অভিযান। কিন্তু সমস্যা এটাই। আৰক্ষীৰ জালত পৰে সাধাৰণ জুৱাৰীহে। বাঘা বাঘা মাফিয়া বুকু ফিন্দাই ঘূৰি ফুৰে। তিনিচুকীয়াৰ বেৰিয়া ভাতৃদ্বয়ৰ কথা মনত আছেনে? এইজন বিকাশ বেৰিয়া আৰু এইজন নীতিন বেৰিয়া। IPL জুৱাৰ অসমৰ কিং পিন। এওঁলোকক ঢুকি নাপায় শক্তিশালী অসম আৰক্ষীয়ে। এই বেৰিয়া ভাতৃদ্বয় আৰু তেওঁলোকৰ অধীনত থকা বুকীয়ে সমগ্ৰ অসমৰ চুকে কোণে বিয়পায় দিছে সৰ্বনাশী IPL জুৱা।

সাধাৰণ জুৱাৰী গ্ৰেপ্তাৰত ক’বলগীয়া নাই। কিন্তু প্ৰশ্ন এটাই– কেতিয়া গ্ৰেপ্তাৰ হ’ব বেৰিয়া ভাতৃদ্বয়? চৰকাৰী পৃষ্ঠপোষকতাত ৰাজপথৰ কাষত IPL জুৱাৰ বিজ্ঞাপন কিয়?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...