লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত চোৰৰ উপদ্ৰৱ

ৰাজ্যত প্ৰতিদিনাই আহি আছে চুৰিৰ খবৰ। কৰ’বাত মানুহ নথকাৰ সুযোগ লৈ, কৰবাত আন্ধাৰৰ সুৰুঙাৰে চোৰে চলাইছে উপদ্ৰৱ। এইবাৰ চোৰে উপদ্ৰৱ চলালে দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত। কেৱল চুৰিয়েই নহয়, এই আজৱ চোৰে মৰমেৰে এশাৰী বাক্যও লিখি থৈ গল বিদ্যালয়ৰ ব’ৰ্ডত। চাওক এক প্ৰতিবেদন।

আজৱ চোৰ!
কহয় মাধৱ দাসে, চোৰে চোৰে আছে!
টকা চোৰ, টিভি চোৰ, চাইকেল চোৰ, গাড়ী চোৰ, ছোৱালী চোৰকে আদি কৰি বিভিন্ন ধৰণৰ চোৰ আপুনি দেখিছে। এইবাৰ স্কুলত সোমাল চোৰ।
লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত চোৰৰ উপদ্ৰৱ
চোৰে বিদ্যালয়ৰ ব’ৰ্ডত লিখিলে ‘I love you, মই চোৰ’
সেয়ে আমি কবলৈ বাধ্য হৈছোঁ যে আজৱ চোৰ! দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত এইদৰেই চোৰে চলালে উপদ্ৰৱ। চাওক ফিল্মী কায়দাৰে চোৰ কৰি বিদ্যালয়ৰ ব’ৰ্ডত চোৰে লিখি গল কি। চোৰে লিখিলে ‘I love you, মই চোৰ’। লুটি নিলে বিদ্যালয়খনৰ কেইবালাখ টকাৰ সামগ্ৰী । ১১ খন চিলিং ফেন, ৪ টা কম্পিউটাৰ, ৪ টা পানী মটৰ । ১.৫ লাখ টকাৰ বাচন বৰ্তন, ২ টা পানী ফিল্টাৰ চুৰি কৰিলে চোৰে। ২ টা গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, হাৰমণিয়াম, তবলাৰ লগতে কুৰুৱা ৰাস মহোৎসৱৰ সকলো সামগ্ৰীও লুটপাত কৰিলে চোৰে। কেৱল সেয়াই নহয়, সমান্তৰাল ভাৱে বিদ্যালয়ৰ সমীপৰ যুৱক সংঘৰ পুথি ভঁৰাল আৰু অংগনবাদী কেন্দ্ৰটো চোৰে চলালে লুট পাত। চুৰিকাণ্ডক লৈ লেঙা কুৰুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...