মেখেলা-চাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনী

দেৱজিৎ ফুকন

প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হ’লেই চাদৰ-মেখেলা পিন্ধিব লাগে৷ গতিকে বায়েকৰ মেখেলা-চাদৰ পিন্ধি স্কুল যায়৷ কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ৷ তেনেদৰে স্কুল যাবলৈ লাজ পায় তাই৷ ফলত পঢ়া-শুনাত লাহে লাহে মনোযোগ কমি আহিল৷ স্কুল খতি কৰিবলৈ ধৰিলে৷ এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰিলে তাই৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি, চেগুন পুলি ৰুই ভাল পোৱা হ’ল তাই ৷

Lovlina Borgohain Biography: The Rising Boxing Star from Assam

তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হ’ল৷ প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হ’ল তাই৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোণৰ পদক৷ সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা৷ ২০১১চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খবৰ আহিল৷ ছাই কেন্দ্ৰত যোগদান কৰিব নে নাই তাক লৈ দোধোৰ-মোধোৰ অৱস্থাত থকাৰ সময়ত মাকে ক’লে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া এনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই আৰু৷ ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল৷

Boxer Lovlina Borgohain 'honoured' to be nominated for Arjuna Award |  Boxing News - Times of India

মেখেলা-চাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল৷ আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ আমাৰ ঘৰৰ পৰা মাথোঁ চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ’ল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...