মেখেলা-চাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনী

দেৱজিৎ ফুকন

প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হ’লেই চাদৰ-মেখেলা পিন্ধিব লাগে৷ গতিকে বায়েকৰ মেখেলা-চাদৰ পিন্ধি স্কুল যায়৷ কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ৷ তেনেদৰে স্কুল যাবলৈ লাজ পায় তাই৷ ফলত পঢ়া-শুনাত লাহে লাহে মনোযোগ কমি আহিল৷ স্কুল খতি কৰিবলৈ ধৰিলে৷ এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰিলে তাই৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি, চেগুন পুলি ৰুই ভাল পোৱা হ’ল তাই ৷

Lovlina Borgohain Biography: The Rising Boxing Star from Assam

তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হ’ল৷ প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হ’ল তাই৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোণৰ পদক৷ সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা৷ ২০১১চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খবৰ আহিল৷ ছাই কেন্দ্ৰত যোগদান কৰিব নে নাই তাক লৈ দোধোৰ-মোধোৰ অৱস্থাত থকাৰ সময়ত মাকে ক’লে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া এনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই আৰু৷ ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল৷

Boxer Lovlina Borgohain 'honoured' to be nominated for Arjuna Award |  Boxing News - Times of India

মেখেলা-চাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল৷ আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ আমাৰ ঘৰৰ পৰা মাথোঁ চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ’ল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...