কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু কেন্দ্ৰীয় খনি মন্ত্ৰী জি. কিষাণ ৰেড্ডীক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু কেন্দ্ৰীয় খনি মন্ত্ৰী জি. কিষাণ ৰেড্ডীক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ; অসমৰ মূল্যৱান সাঁচি (Agar)ৰ ৰপ্তানি গুৱাহাটী বিমানবন্দৰৰ জৰিয়তে আৰু Rare Earth Materialৰ অন্বেষণ আৰু আহৰণ সন্দৰ্ভত আলোচনা

অসমৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন তথা খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নতুন দিল্লীত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সৌজন্যমূলক সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে অসমৰ বন বিভাগৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰাৰ লগতে এই সন্দৰ্ভত তেখেতৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে। বিশেষকৈ অসমৰ মূল্যৱান সাঁচি (Agar) ৰপ্তানি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে অধিক সুচল কৰাৰ বিষয়েও দুয়োগৰাকী মন্ত্ৰীৰ মাজত আলোচনা হয়।

ইয়াৰ উপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাৰত চৰকাৰৰ কয়লা আৰু খনি বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জি. কিষাণ ৰেড্ডীক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত অসমৰ খনিজ সম্পদৰ অন্বেষণ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বিভিন্ন দিশত বিস্তৃত আৰু ফলপ্ৰসূ আলোচনা হয়। অসমৰ খনি খণ্ডৰ সম্ভাৱনাসমূহৰ পূৰ্ণ সদ্ব্যৱহাৰ আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...