অসমত ২০২৭ চনৰ বিশেষ সংক্ষিপ্ত সংশোধনী (Special Summary Revision–SSR)ৰ অধীনত প্ৰস্তুত কৰা খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ১ জানুৱাৰী, ২০২৭ক যোগ্যতাৰ ভিত্তি তাৰিখ হিচাপে লৈ ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ বাবে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নতুন খচৰা ভোটাৰ তালিকাত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫১,৭৬,৯১০ গৰাকী। ইয়াৰ ভিতৰত ১,২৫,৮৭,৬৫০ গৰাকী পুৰুষ, ১,২৫,৮৮,৯৩৯ গৰাকী মহিলা আৰু ৩২১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
উল্লেখযোগ্য যে, ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত পূৰ্বৰ চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৯,৫৮,১৩৯ গৰাকী। পৰৱৰ্তী সময়ছোৱাত চলা নিৰন্তৰ সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৪,১২,৩৪৪ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়। আনহাতে, ১,৯৩,৫৭৩ গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হয়। ফলস্বৰূপে খচৰা ভোটাৰ তালিকাত মুঠ ২,১৮,৭৭১ গৰাকী ভোটাৰ বৃদ্ধি পাইছে।
প্ৰকাশিত তথ্য অনুসৰি, নতুন ভোটাৰ তালিকাত ২,০৫,৯৬২ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ২,৮৭,২৩৩ গৰাকী যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা ততোধিক বয়সৰ ১,২২,১৯৮ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি ৬৩,২৩৭ গৰাকী সেৱাৰত ভোটাৰ আৰু ৬ গৰাকী প্ৰবাসী ভোটাৰো তালিকাত আছে।
ৰাজ্যখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩১,৫১৬টা। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত গড়ে ৭৯৯ গৰাকী ভোটাৰ থাকিব। বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৫১-দলগাঁও সমষ্টিত সৰ্বাধিক ৩,২৫,৭৪৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ১১২-আমৰি (জনজাতি) সমষ্টিত সৰ্বনিম্ন ১,০১,৫০৯ গৰাকী ভোটাৰ আছে।
আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যাৰ ক্ষেত্ৰত ১১-মানকাচৰ সমষ্টি শীৰ্ষত আছে। এই সমষ্টিত মুঠ ৪০২টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰ বিপৰীতে ২-দতমা (জনজাতি) সমষ্টিত সৰ্বনিম্ন ১৪৭টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।
খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত এতিয়া ১২ নৱেম্বৰ, ২০২৬ৰ পৰা ১১ ডিচেম্বৰ, ২০২৬লৈ ভোটাৰসকলে নিজৰ নাম আৰু অন্যান্য তথ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন অনুসৰি দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিয়ম আৰু পদ্ধতি অনুসৰি এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।
উল্লেখযোগ্য যে, চূড়ান্ত ভোটাৰ তালিকা ২০২৭ চনৰ ৪ জানুৱাৰীত প্ৰকাশ কৰাৰ দিন নিৰ্ধাৰণ কৰা হৈছে।
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে সকলো যোগ্য নাগৰিক, ৰাজনৈতিক দল আৰু সংশ্লিষ্ট অংশীদাৰসকলক এই সংশোধনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। যাতে কোনো যোগ্য ভোটাৰৰ নাম বাদ নপৰে আৰু ভোটাৰ তালিকাখন শুদ্ধ, অন্তৰ্ভুক্তিমূলক তথা ভুলমুক্ত হৈ উঠে, তাৰ বাবে সকলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱা হৈছে।
