বিশ্ব ক্ৰিকেটত আয়াৰলেণ্ডৰ উত্থান

বিশ্ব ক্ৰিকেটত ইতিহাস ৰচিলে আয়াৰলেণ্ডে। ডাবলিনত এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমটো বিজয় সাব্যস্ত কৰে আয়াৰলেণ্ডে। আয়াৰলেণ্ডৰ ১৬৬ বছৰৰ ক্ৰিকেট ইতিহাসত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে  এদিনীয়া ক্ৰিকেটত এইটো প্ৰথমটো জয়।

গুৱাহাটী, ১৪ জুলাই, NKTV: ডাবলিনত অনুষ্ঠিত হৈ থকা আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাত ইতিহাস ৰচিলে এণ্ডি বলবিৰ্নিৰ যুৱ আয়াৰলেণ্ডৰ দলটোৱে। দক্ষিণ আফ্ৰিকাৰ শক্তিশালী দলটোক দ্বিতীয়খন এদিনীয়া মেচত ৪৩ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ ১৬৬ বছৰৰ ক্ৰিকেট ইতিহাসত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত এইটো প্ৰথমটো জয়। দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাই আয়াৰলেণ্ডক প্ৰথমতে বেট ধৰিবলৈ আমন্ত্ৰণ জনাই যদিও অধিনায়ক এণ্ডি বলবিৰ্নিৰ শতকৰ সহায়ত ২৯০ ৰাণ সংগ্ৰহ কৰে আয়াৰলেণ্ডে। তাৰ পিছত লক্ষ্য অনুসৰণ কৰা দক্ষিণ আফ্ৰিকাক ২৪৭ ৰাণত অল আউট কৰে মাৰ্ক এডায়াৰ, যিহোচুৱা লিটল আৰু এণ্ডি মেকব্ৰিন দুৰান্ত বলিংৰ সহায়ত। এই ঐতিহাসিক জয়ৰ পিছত আয়াৰলেণ্ডক প্ৰশংসাৰে উপচাই পেলায় সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ প্ৰভাৱশালী দলক পৰাস্ত কৰি ক্ৰিকেট জগতত অঘটন ঘটাই থৈছে আয়াৰলেণ্ডে।

২০০৭ চনৰ পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপৰ পৰা বাহিৰ কৰে আয়াৰলেণ্ডে

২০১১ চনৰ বিশ্বকাপতো চুবুৰীয়া দেশ ইংলেণ্ডক পৰাস্ত কৰি ঘটাইছিল ডাঙৰ অঘটন

২০১৭ চনত আই চি চিয়ে আয়াৰলেণ্ডক প্ৰদান কৰিছিল TEST STATUS

উল্লেখ্য যে, উনবিংশ শতিকাতহে ক্ৰিকেটৰ সৈতে আয়াৰলেণ্ডৰ পৰিচয় হয়, আৰু আয়াৰলেণ্ডৰ প্ৰথমখন খেল খেলিছিল ১৮৫৫ চনত। উনবিংশ শতিকাৰ শেষৰ ফালে আয়াৰলেণ্ডে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে। তথাপিও বিশ্ব ক্ৰিকেটত আজি পৰ্যন্ত উত্কৃষ্ট দল হিচাপে পৰিগণিত হ’ব পৰা নাই আয়াৰলেণ্ড। ১৯৯৩ চনত আইচিচিৰ সহযোগী সদস্যপদৰ বাবে নিৰ্বাচিত হৈছিল আয়াৰলেণ্ডৰ দলটো, কিন্তু ২০০৬ চনতহে ইংলেণ্ডৰ বিৰুদ্ধে  প্ৰথমখন সম্পূৰ্ণ এদিনীয়া খেলিছিল আয়াৰলেণ্ডৰ দলটোয়ে।  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই জয়ৰ পিছত এদিনীয়া শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰে এণ্ডি বলবিৰ্নিৰ দলটোৱেই। ইয়াৰ পূৰ্বৰ প্ৰথমখন খেল বৰষুণৰ বাবে বাতিল কৰিব লগা হৈছিল। 

SPORTS DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...