এসময়ৰ ‘ডেলিভাৰী বয়’, আজি বলীউডৰ ‘সফল অভিনেতা’

প্ৰবল ইচ্ছাশক্তি থাকিলে আৰ্থিক দৈন্যতা সফলতাৰ অন্তৰায় হ’ব নোৱাৰে। এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে বলীউডৰ এগৰাকী প্ৰবল সম্ভাৱনাপূৰ্ণ অভিনেতাই। ডেলিভাৰী বয় হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেতাজনেও জনা নাছিল ভাগ্যই তেওঁক কোন দিশে লৈ গৈছে?

‘চনম তেৰী কচম’ত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেতা হৰ্ষবৰ্ধন ৰাণেক মনত আছে নে? নেটফ্লিক্সত মুক্তি লাভ কৰা ‘হাছিনা দিলৰুৱা’ শীৰ্ষক ছবিখনত তাপ্চী পন্নুৰ বিপৰীতে অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল হৰ্ষ বৰ্ধনক। ২০০৪ চনত ডেলিভাৰী বয় হিচাপে জীৱন সংগ্ৰাম আৰম্ভ কৰা অভিনেতা গৰাকীয়ে এদিন জন আব্ৰাহামক হেলমেট ডেলিভাৰী কৰিছিল। এখন হিন্দী বাতৰিকাকতৰ সাংবাদিকৰ সন্মুখত সদৰী কৰে এই কথা। এসময়ৰ ডেলিভাৰী বয় আজি ছবি জগতৰ উদীয়মান তাৰকা… এই কথাটো বিশ্বাসেই নহয় স্বয়ং অভিনেতা হৰ্ষ বৰ্ধনৰো।

John Abraham To Cast Harshvardhan Rane In His Next Production 'Bolo Tara Ra  Ra'! | Instant Bollywood

যাৰ বাবে এতিয়াও জন আব্ৰাহামৰ ওচৰত হীনমন্যতাত ভূগে অভিনেতা গৰাকীয়ে। যদিও হৰ্ষ বৰ্ধনৰ এই মনোবৃত্তিক অস্বাভাৱিক অনুভৱ কৰে জন আব্ৰাহামে। জনে প্ৰযোজনা কৰিবলৈ লোৱা ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰাৰ পিছত হৰ্ষ বৰ্ধনে সংবাদমাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে নিজৰ মনৰ কথা। ডেলিভাৰী বয় হিচাপে জনৰ লগত হোৱা হৰ্ষৰ প্ৰথম সাক্ষাৎকাৰ খুউব সন্তোষজনক নাছিল। কিয়নো হৰ্ষৰ মতে প্ৰথম সাক্ষাৎকাৰৰ দিনাখন হৰ্ষৰ চুলিত থকা তেল, মুখৰ শালমইনা আৰু লেতেৰা বাইকেৰে অভিনেতাজনক লগ পাই যিমান উৎসাহিত হৈছিল সিমান বেছি লাজ অনুভৱ কৰিছিল। এতিয়া তেওঁ পূৰ্বৰ সকলো কথা পাহৰি জনৰ সন্মুখত অলপ স্বাভাৱিক হ’বলৈ বিচাৰে যদিও এতিয়াও এয়া তেওঁৰ বাবে সম্ভৱ হোৱা নাই। জনক ‘ছাৰ’ বুলি সম্বোধন কৰা কাৰ্যত জনে অস্বস্তি অনুভৱ কৰিলেও তেওঁ আজিও জনক ছাৰ বুলিয়েই সম্বোধন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...