কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰুজু হ’ল গোচৰ

উত্তৰাখণ্ডৰ কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ বিৰুদ্ধে এইবাৰ গুৱাহাটীত ৰুজু হ’ল গোচৰ। অসমৰ এগৰাকী মহিলাই উত্থাপন কৰা ২৩ বছৰ পুৰণি যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত পাণবজাৰ মহিলা থানাত ৩৮/২৬ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১১ নৱেম্বৰত এখন সংবাদমেল অনুষ্ঠিত কৰি মহিলাগৰাকীয়ে হৰক সিং ৰাৱটৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। ২০০২ চনত তেওঁ মাত্ৰ ১৬ বছৰীয়া হৈ থকাৰ সময়তে নেতাগৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল মহিলাগৰাকীয়ে।

আনকি এই নিৰ্যাতনৰ ফলত এটি সন্তান জন্ম হোৱা বুলিও দাবী কৰিছিল তেওঁ। সন্তানটোৰ পিতৃত্ব নিৰূপণৰ বাবে DNA পৰীক্ষাৰ দাবী জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ নতুনকৈ CBI তদন্তৰো দাবী তুলিছিল।

সংবাদমেলত উত্থাপিত অভিযোগৰ পিছত এইবাৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু হোৱাৰ পিছতে ঘটনাটোক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলতো চৰ্চা আৰম্ভ হৈছে।

২৩ বছৰ পুৰণি এই অভিযোগে নতুন মোৰ লোৱাৰ পিছত এতিয়া আৰক্ষীৰ তদন্তত কি তথ্য পোহৰলৈ আহে, সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপাল সিঙক পঞ্জাৱলৈ নিয়াৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত পঞ্জাৱ আৰক্ষীৰ ৫জনীয়া দল

খালিস্তানপন্থী সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক পঞ্জাৱলৈ...