Twitterএ নিষিদ্ধ কৰিলে কংগনা ৰানাৱটৰ একাউণ্ট, অভিনেত্ৰী টাপচী পন্নুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ জুলাই, NKTV: এতিয়াৰে পৰা বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱটৰ অনুৰাগী সকলে Twitterত বিচাৰি নাপাব কংগনাক। কিয়নো Twitterএ ব্লক কৰিলে কংগনা ৰণাৱটৰ টুইটাৰ একাউণ্ট। টুইটাৰৰ নীতি ভংগ কৰাৰ বাবে বলীউডৰ অভিনেত্ৰী কংগনা ৰণাৱটৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিলে micro-blogging websiteটোৱে। ভিন্ন সময়ত অভিনেত্ৰী গৰাকীয়ে নিজৰ মতামত প্ৰকাশ কৰিবলৈ তথা ভিন্নলোকৰ বিৰুদ্ধে সমালোচনা আগবঢ়াবলৈ micro-blogging websiteটো ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। যদিও অভিনেত্ৰীগৰাকীৰ কৰা টুইটবোৰে বহু সময়ত ভংগ কৰিছে টুইটাৰৰ নীতি।
কংগনাৰ টুইটাৰ একাউণ্ট নিষিদ্ধ হোৱালৈ এইবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্ৰী টাপচী পন্নুৱে। উল্লেখযোগ্য যে ভিন্ন সময়ত টাপচী পন্নুৰ বিৰুদ্ধে কংগনা আৰু তেওঁৰ ভংগ্নী ৰংগোলীয়ে টুইটাৰত নিজৰ মন্তব্যৰে সমালোচনা কৰি আহিছে। কিছুদিন পূৰ্বে কংগনা ৰাণাৱটে টাপচীক এগৰাকী B-GRADE অভিনেত্ৰী বুলি উল্লেখ কৰি কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল। কংগনাৰ টুইটাৰ একাউণ্ট নিষিদ্ধ হোৱাকলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাপচীয়ে কয় যে, মই টুইটাৰত তেওঁৰ অনুপস্থিতি অনুভৱ নকৰো, মোৰ জীৱনত তেওঁৰ কোনো অস্থিত্ব নাই, তেওঁৰ বাবে মোৰ মনত ভাল বেয়া কোনো ধৰণৰ অনুভৱ নাই।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...